গুৱাহাটী : দেশজুৰি মাৰাত্মক ক’ভিডৰ সংহাৰ অব্যাহত থকাৰ মাজতে এটা ভাল খবৰ। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। মানস ৰাষ্ট্ৰীয় উদ্যানত দহ বছৰত তিনি গুণ বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। বৰ্তমান মানস ৰাষ্ট্ৰীয় উদ্যানত ৪৫ টাকৈ ঢেঁকীয়াপতিয়া বাঘ থকা বুলি জানিব পৰা গৈছে। উদ্যানখনত ঢেঁকীয়াপতিয়া বাঘৰ লগতে অন্যান্য বন্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি পাইছে

ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতপ্ৰাপ্ত অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এক সফল্যই হাঁহি বিৰিঙাইছে বন্যপ্ৰাণী প্ৰেমী সকলৰ মুখত। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান। বিশেষকৈ ঢেঁকীয়াপতিয়া বাঘ সংৰক্ষণৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰা সাফল্যই সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী সকলক আনন্দিত কৰি তুলিছে। যোৱা দহ বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। দহ বছৰত ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা তিনি গুণ বৃদ্ধি পাইছে মানস ৰাষ্ট্ৰীয় উদ্যানত।

মানস ৰাষ্ট্ৰীয় উদ্যানত ২০১৯-২০২০ বৰ্ষত ঢেঁকীয়াপতিয়া বাঘৰ জনসংখ্যা গণনাৰ অন্তত উদ্যানখনত ৪৫ টাকৈ ঢেঁকীয়াপতিয়া বাঘ থকা বুলি জানিব পৰা গৈছে। ২০১০ বৰ্ষত মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতিয়া বাঘৰ জনসংখ্যা গণনা কৰাত উদ্যানখনত ১০ টাকৈ ঢেঁকীয়াপতিয়া বাঘ আছিল। ২০১০ ৰ পৰা ২০২০ ৰ ভিতৰত উদ্যানখনত তিনি গুণ বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। উদ্যানখনত বৰ্তমান ১৫ টাকৈ ঢেঁকীয়াপতিয়া বাঘৰ পোৱালি থকা বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক : দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ৰূদ্ৰমূৰ্তি:কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ,প্ৰশাসন আৰু চৰকাৰৰ

ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যাৰ লগতে উদ্যানখনত অন্যান্য বন্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি পাইছে। উল্লেখ্য যে ১৯২৮ চনৰ ১ অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যদা প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। ১৯৭৩ চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয় আৰু ১৯৮৫ চনত ইউনেস্ক’ই মানসক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰে। ১৯৯৫ চনত মানসক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply