মানাহ : প্ৰকৃতি প্ৰেমী সকলৰ বাবে সুখবৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সমান্তৰালকৈ বৃদ্ধি পাইছে অন্যান্য জীৱজন্তুৰ সংখ্যা। ঢেকিয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানখনলৈ কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় সন্মান।
বিশ্বজুৰি ক’ভিড মহামাৰীৰ এই ভয়াবহ সময়ত প্ৰকৃতিয়ে ৰূপ সলাইছে। ৰূপ সলাইছে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানেও। পৰ্যটকৰ আগমন কমি যোৱাত ৰাষ্ট্রীয় উদ্যানখনত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা।
ক’ভিডৰ ভয়াবহ পৰিৱেশৰ মাজতে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় উদ্যানখনে৷ বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেকিয়াপতীয়া বাঘৰ সংখ্যা৷ বিগত এটা বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত ঢেকীয়াপতিয়া বাঘৰ সংখ্যা বৃদ্ধি পাইছে ১৩ টালৈ।
বৰ্তমানলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানখনত ৪৬ টা ঢেকীয়াপতিয়া বাঘৰ আছে৷ উদ্যানখনত ঢেকীয়াপতিয়া বাঘৰ সংখ্যা বৃদ্ধি পোৱাত উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমি সকল। উদ্যানখনত ঢেকীয়াপতিয়া বাঘৰ সমান্তৰালকৈ অন্যান্য জীৱ-জন্তুৰ সংখ্যাও বৃদ্ধি পাইয়ে।
বিশেষকৈ উদ্যানখনত হৰিণা, বান্দৰ, মেথোন, ম’হ, বন গাহৰিৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে৷ বাঘৰ সংখ্যা বৃদ্ধিৰ লগতে উদ্যানখনত অন্যান্য জীৱ-জন্তু সংখ্যা বৃদ্ধি হোৱাটো সঁচাকৈ সুখবৰ। উল্লেখ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি গঁড়ৰ সংখ্যাও ৪৭ টা লৈ বৃদ্ধি পাইছে৷
লগতে পঢ়ক : ধৰ্ষণৰ অভিযোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকক গ্ৰেপ্তাৰ
কভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন দেশী-বিদেশী পৰ্যটক সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি। জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান।