মাৰ্ঘেৰিটাঃ যোৱা ৩ জুন, ২০২০ৰ পৰা ব্যাহত হৈ আছিল উজনি অসমৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন। তাৰপাছত চলিত বৰ্ষৰ ২৬ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় টিকক কয়লা প্ৰকল্পৰ উৎপাদন।

উল্লেখ্য যে, এই প্ৰকল্পটোৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে, আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজ জাত সম্পদৰ মন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰা নন্দিতা গাৰ্লোচাই লিডুৰ টিকক কলিয়ৰীৰ কয়লা খননস্থলী পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকলৰ পৰা প্ৰকল্পটোৰ সম্পৰ্কত বুজ লয়।

মন কৰিবলগীয়া যে, টিকক কলিয়ৰীৰ উৎপাদন আৰম্ভ হৈছে যদিও প্ৰতিষ্ঠানটোৰ চাহিদা পূৰ কৰিব পৰাকৈ পৰ্যাপ্ত নহয়। ইফালে, টিৰাপকে ধৰি অন্য প্ৰকল্পৰ উৎপাদন বৰ্তমানো ব্যাহত হৈ আছে।

আনহাতে, খননস্থলীত উপস্থিত হৈ মন্ত্ৰী নন্দিতা গাৰ্লোচাই সাংবাদিকৰ আগত কয়- ”যিহেতু মোক খনিজ জাত সম্পদৰ মন্ত্ৰী ৰূপে দায়িত্ব দিছে সেয়েহে মই আজি ইয়াত কেনেদৰে কাম-কাজ চলিছে সেই সম্পৰ্কে বুজ ল’বলৈ আহিছো।” লগতে তেওঁক বৰ্তমানো ব্যাহত হৈ থকা অন্য প্ৰকল্পবোৰৰ সন্দৰ্ভত সোধাত এতিয়াই এই বিষয়ে কোনো মন্তব্য কৰিব নোৱাৰিম বুলি কয় সাংবাদিকৰ আগত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply