বকো: বকোৰ নামবৰজুলিত বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ। পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা শাল গছ কাটি পথৰ দাঁতিত জমা কৰি ৰাখিছিল চোৰাং কাঠ বেপাৰীয়ে।

শনিবাৰে নিশাৰ ভাগত বন্দাপাৰা বন বিভাগে শাল গছ কাটি পথৰ দাঁতিত জমা কৰি ৰখাৰ খবৰ লাভ কৰি দেওবাৰে পুৱাৰ ভাগত ৫০ টাতকৈ অধিক শাল গছ কুণ্ডা জব্দ কৰে। প্ৰায় ২ লাখ টকা মূল্যৰ এই শাল গছৰ কুণ্ডাখিনি ব্ৰহ্মপুত্ৰৰ চৰ এলেকালৈ লৈ যোৱাৰ পৰিকল্পনা আছিল বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : নৃত্য গীতৰ মাজেৰে তেজপুৰত বিষ্ণু ৰাভা দিৱস উদযাপন

আনহাতে, এই বন ধ্বংস কাৰ্যক তীব্ৰ গৰিহণা দিছে পশ্চিম লুকী ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই। এই সন্দৰ্ভত বন বিভাগক সমালোচনা কৰি ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই কয় যে বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ে পূৰ্বেই যদি এই সংৰক্ষিত বনাঞ্চলৰ পৰা গছ কটা বন্ধ কৰিলে হয় তেন্তে বহু মূল্যৱান গছ-গছনি ভৱিষ্যত প্ৰজন্মই দেখা পালে হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply