মানকাচৰ : অবৈধ কাঠ ফলা মিলৰ পৰা জব্দ ৫ লাখ টকাৰ কাঠৰ কুণ্ডা। বন বিভাগে অভিযান চলাই জব্দ কৰে ৫ লাখ টকাৰ কাঠৰ কুণ্ডা। অবৈধ কাঠ ফলা মিলৰ মেচিন জব্দ কৰি বন বিভাগে উৎসাত কৰে কাঠ ফলা অবৈধ মিল।

বুধবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তত এটা অবৈধ কাঠ ফলা মিলত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে।

এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা বন বিষয়া মণিৰউদ্দীন শেখৰ নেতৃত্বত বন বিভাগৰ এটা দলে এই অভিযান চিলাইছল। অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা গাঁৱত ছফিকুল ইছলাম নামৰ এজন লোকে অবৈধ কাঠৰ ফলা মিলৰ পৰা বন বিভাগে জব্দ কৰে প্ৰায় ৫ লাখ টকাৰ চেগুন কাঠৰ কুণ্ডা।

লগতে পঢ়ক –  বৃদ্ধি পাইছে সংক্ৰমণ, আমি সতৰ্ক হ’ব লাগিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ছফিকুল ইছলাম নামৰ লোকজনৰ অবৈধ কাঠ ফলা মিলৰ মেচিন জব্দ কৰি অবৈধ কাঠ ফলা মিলটো উৎসাত কৰে বন বিভাগে। বন বিভাগৰ এই অভিযানত সহযোগ কৰিছিল আৰক্ষীয়ে। উল্লেখ্য যে পূৰ্বেও জিলাখনৰ অসম-মেঘালয় সীমান্তত অবৈধ কাঠ ফলা মিল উৎসাত কৰিছিল বন বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply