মৰাণঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী নিযুক্তিত অনিয়ম। সাক্ষাৎকাৰৰ অবিহনে এগৰাকী কৰ্মীক নিযুক্তি দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া।
জানিব পৰা মতে, টিংখাং সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত কেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০নং ৱাৰ্ডত অৱস্থিত ২নং দীঘলীয়া অংগনবাড়ী কেন্দ্ৰত দীৰ্ঘদিন ধৰি খালি হৈ থকা কৰ্মী পদটিৰ বাবে টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্পত আবেদন জনাইছিল কেইবাগৰাকীয়ো প্ৰাৰ্থীয়ে। সাক্ষাৎকাৰৰ যোগেদি যথাসময়ত উক্ত পদটিত নিযুক্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। কিন্তু যোৱা ২৮ জুনত সাক্ষাৎকাৰ নোহোৱাকৈ ৯ নং ৱাৰ্ডৰ ৰুমী সৎনামী নামৰ মহিলাগৰাকীক কৰ্মী হিচাপে নিযুক্তি দিয়ে। মহিলাগৰাকীক নিযুক্তি দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। এই অনিয়ম সন্দৰ্ভত ছুপাৰভাইজাৰ আৰু শিশু উন্নয়ণ প্ৰকল্প বিষয়া গৰাকীলৈ আঙুলি টোৱাইছে ৰাইজে। শীঘ্ৰে এই নিযুক্তি বাতিল কৰি পুনৰ সাক্ষাৎ গ্ৰহনৰ জৰিয়তে নিযুক্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । আনহাতে, এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহন কৰিবলৈ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে আবেদনকাৰী প্ৰাৰ্থীসকলে ।