মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ গেটত ভয়াবহ পথ দুৰ্ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি এ এছ-২৩ বি চি-৭০৩৫ নম্বৰৰ এখন অ’ট বাহনে লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা ১০জন শ্ৰমিকক কঢ়িয়াই জাগুন অভিমুখে আহি আছিল।
অ’টখন তীব্ৰ বেগেৰে আহি থকা অৱস্থাত টিৰাপ গেট শনি মন্দিৰৰ সমীপত লেখাপানী লালপাহাৰৰ পৰা কয়লা নিবলৈ আহি ৰৈ থকা এখন ট্ৰেইলাৰ গাড়ীৰ পাছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজৰ সহযোগত অ’ট আৰোহী কেইজনক ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ মাজৰ দুজন ব্যক্তিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু দুজনক সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
মৃত ব্যক্তি দুজন ক্ৰমে বৰপেটা জিলাৰ আলোপটি থানাৰ অন্তৰ্গত অনৰ আলি (৩২) আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত মফিদুল ইছলাম (২২)।
আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ব্যক্তি দুজন গোৱালপাৰা জিলাৰ অনন হুছেইন আৰু অফজল আলি বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা অ’ট খনৰ চালক জনৰ লগতে আন ছয় গৰাকী যাত্ৰী বৰ্তমান সংকট মুক্ত।
পথত ৰৈ থকা বাহন খনে পাছফালৰ লাইটৰ কোনো ধৰণৰ সংকেত ব্যৱহাৰ নকৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে অ’ট খনৰ চালক আশুতোষ দেৱনাথে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অ’টখন থানালৈ নিয়ে যদিও পথৰ ওপৰত ৰৈ থকা ট্ৰেলাৰখন কিন্তু থানা চৌহদত দেখা পোৱা নগল। এক সূত্ৰত জানিবলৈ দিয়া অনুসৰি লেখাপানীত লালপাহাৰৰ পৰা অবৈধ কয়লা সৰবৰাহ কৰিবলৈ আহিছিল ট্ৰেলাৰখন।
লগতে পঢ়কঃপীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ চলিত বৰ্ষৰ খেল সপ্তাহৰ সামৰণি
আৰক্ষীয়ে মৃত ব্যক্তি দুজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। দুজনকৈ দুখীয়া শ্ৰমিকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।
ইফালে সমগ্ৰ ঘটনা সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি লেখাপানী আৰক্ষীয়ে ঘটনাটো যে কয়লা লগত জড়িত সেই সন্দৰ্ভত গাপ দিয়া অভিযোগ উঠিছে। এই ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ত তদন্তৰো দাবী উত্থাপন কৰিছে স্থানীয় সচেতন মহলে।
উল্লেখ যে, লেখাপানী লালপাহাৰত চোৰাং কয়লাৰ ৰমৰমীয়া বেহা লেখাপানী আৰক্ষীৰ চকুৰ সন্মুখতে সংঘটিত হৈ থকাৰ বিপৰীতে কমিচনৰ অংকত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জোৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।