তালাপঃ তিনিচুকীয়াৰ তালাপত মানৱ সৰবৰাহৰ লগত জড়িত তিনি যুৱকক আটক।
আৰক্ষীৰ উপ পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ নেতৃত্বত এটা দলে তালাপ অঞ্চলৰ লাইনা গাঁৱৰ পৰা সঞ্জীৱ ওৰফে পাইকু সোণোৱাল, শদিয়াৰ চেংছাপ গাঁৱৰ পৰা পুতুল চাবুকধৰা আৰু শিৱসাগৰ জিলাৰ নেমুগুৰিৰ মহখুলী চাহবাগিচাৰ পৰা প্ৰাণজিৎ দুৱাৰা নামৰ তিনি যুৱকক মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
লগতে আন এগৰাকী অভিযুক্ত নিতু শৰ্মাক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে,গাখীৰভেটী গাওঁ পঞ্চায়ত এলেকাৰ এই সোতৰজন যুৱকক যোৱা চাৰি জানুৱাৰীত আটকাধীন যুৱক কেইজনে তালাপৰ চামগুৰি গাঁৱৰ পৰা অন্য ঠাইলৈ প্ৰলোভন দেখুৱাই শ্ৰমিক হিচাপে নিয়োজিত কৰিবলৈ লৈ গৈছিল।
নানা প্ৰলোভনেৰে অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত শ্ৰমিক হিচাপে যোগান ধৰিছিল যুৱক কেইজনক।
অৱশেষত তালাপ আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী কেইটা ৷