তিনিচুকীয়াঃ আলফা(স্বা)ত যোগদানৰ জোৱাৰ উঠিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আলফা (স্বা)ত যোগদানৰ খবৰ লাভ কৰাৰ মাজতেই তিনিচুকীয়াৰ দুই স্বামী-স্ত্ৰী আলফালৈ গমন কৰাৰ খবৰ পোৱা গৈছে। চাৰিবছৰীয়া কন্যা সন্তানক এৰি আলফা (স্বা)ত যোগদান তিনিচুকীয়াৰ কাকপথাৰৰ ১নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীৰ।
লগতে পঢ়কঃগাঞ্জাসহ তিনিজনক আটক কৰিলে বঙাইগাঁও আৰক্ষীয়ে
৫ মে’ৰ পৰাই সন্ধানহীন আছিল অচ্যুত নেওগ আৰু মমতা নেওগ। অচ্যুত নেওগৰ পিতৃয়ে জনোৱা মতে ৫মে’ৰ দিনা পুত্ৰলৈ এটা ফোন কল আহিছিল। ফোন অহাৰ পিছৰ পৰাই ঘৰৰ পৰা ওলাই গৈছিল তেওঁৰ পুত্ৰ। কিছু সময়ৰ পাছতে তেওঁৰ বোৱাৰীয়ো ঘৰৰ পৰা ওলাই যায়। সেই দিনাৰ পৰা ঘৰলৈ ওভতি অহা নাছিল অচ্যুত আৰু মমতা । পিছত আৰক্ষীৰ জৰিয়তে পুত্ৰ-বোৱাৰী আলফাত যোগদান কৰাৰ কথা জ্ঞাত হয়।