তিনিচুকীয়াঃ সৌন্দৰ্য্যৰ জগতখনত সুনাম অৰ্জন কৰি পুনৰ গৌৰৱ কঢ়িয়াই আনিলে তিনিচুকীয়াৰ ধৰণীকা মৰাণে।
ধৰণীকাই গুৱাহাটীত অনুষ্ঠিত হোৱা “মিছ এণ্ড মিছেছ ইণ্ডিয়া নেচেনেল ডিভা ২০২১”ৰ বেষ্ট কষ্টিউম এণ্ড বেণ্ড এম্বেচেদৰ” খিতাপ দখল কৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি এক আনন্দৰ লহৰ উঠিছে।
লগতে পঢ়কঃএন চি চি এছছিয়েট অফিচাৰ ৰূপে দায়িত্ব প্ৰদান শিক্ষক বিভূতি বৰাক
ধৰণীকা মৰাণ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ৩ নং কাকপথাৰৰ প্ৰয়াত সোমেশ্বৰ মৰাণ আৰু বিউটী বৰুৱাৰ কন্যা ।
ইয়াৰ পূৰ্বেও ধৰণীকাই বহুকেইটা বঁটাসহ সন্মান বুটলিবলৈ সক্ষম হৈছে।