তিনিচুকীয়াঃ ফিল’বাৰী চিনিয়ৰ চিকেণ্ডেৰী স্কুলৰ শিক্ষয়িত্ৰী নিৰদা বৰাৰ লগত সংঘটিত হোৱা নজিৰবিহীন ঘটনাৰ বাবে দুখ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ।


ঘটনাৰ লগত জড়িত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি কৰ্ণ বুঢ়াগোহাইক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা নিলম্বন কৰিলে সংগঠনটোৱে।


এগৰাকী শিক্ষয়ত্ৰীক সাষ্টাংগে প্ৰণিপাত কৰিবলৈ বাধ্য কৰোৱাৰ বাবে এই সিদ্ধান্ত।
তিনিচুকীয়াৰ ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সংঘটিত হৈছিল এই ঘটনা।
বিদ্যালয়খনৰ মাচুলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল আন্দোলন।
লগতে পঢ়কঃহোজাইত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

ইয়াৰ পিছতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাৰ সামান্য কথাক লৈ সৃষ্টি হৈছিল সকলোকে লজ্জানত কৰা এই ঘটনা। এই ঘটনাক নজিৰবিহীন আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ।
ইফালে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনে গঠন কৰিছে বিশেষ কমিটী।
ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত গঠন কৰা হৈছে এই কমিটী।
এই কমিটীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন তিনি দিনৰ ভিতৰত দাখিল কৰিব লাগিব।

ছাত্ৰ নেতা কৰ্ণ বুঢ়াগোঁহাইক বহিষ্কাৰ কৰাৰ প্ৰতিবাদত ফিলবাৰী ছাত্ৰ সন্থাৰ সমূহীয়া পদত্যাগ |
ঘটনাৰ তদন্ত নকৰি কৰ্ণ বুঢ়াগোঁহাইক একপক্ষীয়ভাৱে বহিষ্কাৰ কৰাৰ অভিযোগ তুলি স্থানীয় আছু গোটৰ এই সমূহীয়া পদত্যাগ

শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান কৰা কাণ্ডই এতিয়া জোঁকাৰিছে সমগ্ৰ ৰাজ্য। ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে সদৌ অসম ছাত্ৰ সন্থাই। ইফালে ঘটনাৰ সন্দৰ্ভত আজি  তিনিচুকীয়া জিলাৰ ফিল’বাৰীত আজি অনুষ্ঠিত হ’ব ৰাজহুৱা সভা। ফিল’বাৰীৰ চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব এই সভা।

তিনিচুকীয়া জিলাৰ উপায়ুক্ত উপস্থিত থাকিবলগীয়া উক্ত সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থী আৰু অভিভাৱক, ৰাইজো উপস্থিত থাকিব। বৰ্ধিত মাছুলৰ লগতে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাক লৈ হ’ব আলোচনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply