নিউজ ডেস্কঃ তিনিচুকীয়াত জাৰি কৰা হৈছে ১৪৪ ধাৰা। পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শান্তিপূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। ৫জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।

তদুপৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকৈ ঘূৰিব নোৱাৰিব কোনো লোক। জিলা প্ৰশাসনে লগতে নিৰ্দেশ দিছে যে- প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব নোৱাৰিব। লগতে তিনিচুকীয়াত ৰাজহুৱা স্থানত উচ্চস্বৰত মাইক বজোৱাৰ নিষেধাজ্ঞা জাৰি।

নিৰ্দেশনা অনুসৰি, ৰাজহুৱা স্থানত জোৰ সমদল বাহিৰ কৰা, বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰাত নিষেধাজ্ঞা তিনিচুকীয়া জিলা প্ৰশাসনৰ। আৰু আইন ভংগ কৰা লোকে হ’ব লাগিব কঠোৰ শাস্তিৰ সন্মুখীন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply