তিনিচুকীয়া : তিনিচুকীয়াৰ পৰা আহিছে এক শোকবাহ খবৰ। কভিডত আক্রান্ত হৈ তিনিচুকীয়াত মৃত্যু হৈছে এগৰাকী অধিবক্তাৰ। শনিবাৰে সন্ধিয়াৰ ভাগত কভিডত আক্রান্ত হৈ মৃত্যু হয় তিনিচুকীয়াৰ নেইম আহমেদ নামৰ এগৰাকী অধিবক্তাৰ।
দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিদিনে হাজাৰ হাজাৰ লোক আক্রান্ত হৈছে কভিড মহামাৰীত। কভিডৰ ভয়াবহতা দেখি পুনৰ লকডাউনৰ ভয়ত নিজ ৰাজ্য এৰি বহিঃৰাজ্যত কৰ্মৰত বহু শ্ৰমিকে পলায়ন কৰিছে নিজ ৰাজ্যলৈ।
দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিস্থিতি বর্তমানলৈকে উন্নত যদিও প্ৰতিদিনে অসমতো নতুনকৈ বহু লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। বিশেষকৈ গুৱাহাটী ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা বহু লোক কভিড আক্রান্ত বুলি ধৰা পৰিছে।
অসমত কভিডৰ এই উদ্বেগজনক পৰিৱেশৰ মাজতে তিনিচুকীয়া জিলাৰ পৰা আহিছে বেয়া খবৰ। কভিডত আক্রান্ত হৈ তিনিচুকীয়া জিলাৰ এগৰাকী অধিবক্তাৰ মৃত্যু ঘটিছে। নেইম আহমেদ নামৰ অধিবক্তা গৰাকীৰ শনিবাৰে সন্ধিয়াৰ ভাগত কভিডত আক্রান্ত হৈ মৃত্যু ঘটে। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰে অধিবক্তা নেইম আহমেদ।
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ কচুজানৰ বাসিন্দা নেইম আহমেদ বিমান যোগে গুৱাহাটীৰ পৰা মোহনবাৰী বিমান বন্দৰত কিছুদিন পূৰ্বে নামিছিল। মোহনবাৰী বিমান বন্দৰত কভিড টেষ্ট কৰাত নেইম আহমেদ কভিড আক্রান্ত বুলি ধৰা পৰিছিল। ইফালে জিলাখনত ১১৪ গৰাকী লোক আক্ৰান্ত হৈছে।