জাগুনঃ তিনিচুকীয়া জিলা লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত অস্ত্ৰ-শস্ত্ৰ সহ আটক চাৰিজন নগা দুধৰ্ষ উগ্ৰপন্থী।

ধৃত কেডাৰ কেইজন হৈছে উমাল গাংছা,উষা গাংছা ,পাগাং গাংছা,যামগাং গাংছা ।

আছাম ৰাইফলছ আৰু তিনিচুকীয়া আৰক্ষী যৌথ অভিযানত আটক কেডাৰ কেইজন।

ধৃত কেডাৰকেইজন ENNG চমুকৈ (Eastern Naga National Government ) সদস্য় বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃঅত্যাধুনিক মাৰনাস্ত্ৰৰে মূল সুঁতিলৈ ওলাই আহিল এন এল এফ বিৰ এটা বৃহৎ দল

গোটেই কেইজনৰ ঘৰ অৰুণাচলৰ লংডিং জিলাত বুলি জানিব পৰা গৈছে।

কেডাৰ কেইজনৰ পৰা জব্দ ২৯৪ টা সক্ৰিয় গুলী , তিনিটা Ak 81 ৰাইফল, ৭টা মেগজিন, ২খন দেগাৰ , তিনিটা টৰ্ছ লাইট সহ বহু আপত্তি জনক সা- সামগ্ৰী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply