তিনিচুকীয়া: তিনিচুকীয়া জিলাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।
কাকপথাৰ থানাৰ অন্তৰ্গত উভতা গাঁৱত দেওবাৰে সন্ধিয়া কাকপথাৰ আৰক্ষীয়ে ব্ৰাউন চুগাৰ সহ পাঁচজন লোকক আটক কৰে।
আৰু পঢ়কঃমাইক্ৰ ফাইনেঞ্চৰ পৰা ঋণ লৈ একাংশ ব্যৱসায়ীৰ সফলতা
জানিব পৰা মতে উভতা গাঁৱত মনোজ মৰাণৰ পৰা ধলাৰ আঢ়ৈমুৰীয়াৰ দুজন যুৱকে ব্ৰাউন চুগাৰ নিবলৈ আহোতে বিশেষ খবৰৰ ভিত্তিত কাকপথাৰ আৰক্ষীৰ থানাৰ উপ পৰিদৰ্শক মিন্টু বৈশ্যৰ নেতৃত্বত এটা আৰক্ষীৰ দলে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধৃত লোক কেইজন ক্ৰমে সঞ্জীৱ সোনোৱাল(২২),বিবেকা সোনোৱাল(২৩), বিপ্লৱ নেওগ(২১), মুনিন বড়া(৩০) আৰু মনোজ মৰাণ(২৯)।
লোককেইজনৰ পৰা আৰক্ষীয়ে ১২.৪০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে। লোককেইজনক কাকপথাৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
আনহাতে,লেখাপানী আৰক্ষীয়ে অভিযান চলাই কানি আৰু নগদ ধনসহ দম্পতীক গ্ৰেপ্তাৰ কৰে। লেখাপানী আৰক্ষী থানাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিংগাম গাৱঁৰ পৰা লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু দাসৰ নেতৃত্বত এটা দলে আটক কৰে কানিৰ ব্য়ৱসায় কৰা দম্পতীক।