মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ অন্যতম মহকুমা মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয় খন অতিশীঘ্ৰে ১০ খন আই চি ইউ বিচনাসহসহ ১০০ খন বিচনা যুক্ত কৰিব । এই আশ্বাস তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্ত পাৱাৰ নৰসিং শম্ভাজীৰ ।আজি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত মাৰ্ঘেৰিটা মহকুমাৰ সাংবাদিকসকলৰ সৈতে হোৱা সৌজন্যমূলক সাক্ষাত তথা আলোচনাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে কৰা অনুৰোধৰ প্ৰত্যুতৰত তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্তই এই আশ্বাস দিয়ে ।
মহকুমা অসামৰিক চিকিৎসালয় খনত অতি সোনকালে ব্লাড বেংকৰ ব্যৱস্থা কৰাৰ কথাও সদৰী কৰে উপায়ুক্ত গৰাকীয়ে ।
উল্লেখ্য যে – মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত ভাস্কৰ শৰ্মাক এখন স্মাৰক পত্ৰৰ জড়িয়তে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন ৩০০ খন বিচনাযুক্ত কৰা , ব্লাড বেংকৰ ব্যৱস্থা অক্সিজেন বেংক স্থাপনকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছিল ।
এই আলোচনাত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত দিপু ডেকা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম মহকুমা জনসম্পৰ্কৰক্ষী বিষয়া গুৰমিত সিং কৌৰ নিৰ্বাচনী বিষয়া ত্ৰিদীপ কোঁৱৰ আদি উপস্থিত থাকে । জিলা উপায়ুক্ত গৰাকীয়ে মহকুমাটো প্ৰাকৃতিক সম্পদৰে চহকী হোৱাৰ পাছতো যিধৰণে আন্তঃগাঠনিৰ উন্নতি হ’ব লাগিছিল সেইধৰণে উন্নতি হোৱা নাই বুলি প্ৰকাশ কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হ’ব বুলি কয় ।
তেওঁ তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতিৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিদৰে যুদ্ধ কৰিছে তাৰ বাখ্যা আগবঢ়াই, জিলাৰ পৰিস্থিতি উন্নতি হোৱাৰ কথা প্ৰকাশ কৰে । উপায়ুক্ত গৰাকীয়ে জিলাখনত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে বুলি কয় । তেওঁ ক’ভিড আক্ৰান্তই হোম আইশ্বলেচনত থকাতকৈ চৰকাৰী আইশ্বলেচনত থকাটো বেছি সুৰক্ষিত বুলি কয় ।
তেওঁ প্ৰকাশ কৰা মতে – জিলাখনত অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত আছে । ক’ভিড প্ৰটক’ল ৰক্ষা নকৰা সকলৰ বিৰুদ্ধে অধিক সক্ৰিয় হোৱাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হ’ব বুলি কয় । আলোচনাত জিলাখনৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কথাও আলোকপাত কৰে ।
লগতে পঢ়ক বিশিষ্ট বলিউড অভিনেতা দিলীপ কুমাৰ মুম্বাইৰ হিন্দুজা হস্পিতালত চিকিৎসাধীন