মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: সাংবাদিকতা ক্ষেত্ৰলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে । এক সন্মিলিত শক্তিৰে ইয়াক প্ৰতিহত কৰিব লাগিব – এই মন্তব্য তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনীয়াৰৰ। আজি মাৰ্ঘেৰিটা সঞ্জীৱনী কমপ্লেক্সত অনুষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ সঞ্চালনাত অনুষ্ঠিত সাংবাদিকতা আৰু সাম্প্রতিক সময়ৰ প্ৰত্যাহবান’ শীর্ষক গজেন বৰঠাকুৰ আৰু গকুল শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্রদান অনুষ্ঠানত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সুদীৰ্ঘ সাংবাদিকজীৱনৰ অভিজ্ঞতা আৰু সাম্প্ৰতিক সাংবাদিকতাৰ পটভূমিৰ ওপৰত আলোকপাত কৰে ।

সংস্থাৰ উপ সভাপতি সমীৰণ বৰঠাকুৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানটো উদ্বোধন কৰি অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূব মণ্ডল আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে – সাংবাদিকতা ক্ষেত্ৰখনলৈ অহা ভাবুকি আৰু প্ৰত্যাহ্বানৰ বাখ্যা ডাঙি ধৰে । নেওগে অধ্যয়ণপুষ্ট সাংবাদিকতাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । ববিতা দাস চৌধুৰীৰ নেতৃত্বত এটা শিল্পীৰ দলে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই সামাজিক দ্বায়বদ্বতাৰে সাংবাদিকতা কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানত সংস্থাৰ মুখপত্ৰ সীমান্তৰ বিংশতম সংখ্যাটি বিশিষ্ট সাংবাদিক জগত চাংমাইয়ে উন্মোচন কৰে ।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই প্ৰবৰ্তন কৰা সলিল নেওগ সোৱঁৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁ‌টা ২০২২ এইবাৰ অসমীয়া প্ৰতিদিন’ কাকতৰ তিনিচুকীয়াৰ যুৱ সাংবাদিক হেমন্ত কুমাৰ শইকীয়ালৈ আগবঢ়ায় । মানস প্ৰতিম গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত বঁ‌টা প্ৰাপক হেমন্ত কুমাৰ শইকীয়াক জাপি চেলেং চাদৰ গামোছা; স্মাৰক সম্বৰ্ধনা পত্ৰ পাছ হাজাৰ টকাৰ চেক আদিৰে সম্বৰ্ধনা জনোৱা হয়। প্ৰয়াত সলিল নেওগৰ পৰিয়ালৰ হৈ ভতিজাক শ্যামল নেওগ আৰু অতিথি বৃন্দই হেমন্ত শইকীয়াক সন্মানীত কৰে ।

উল্লেখ্য যে ২০০৪ বৰ্ষত ৰামধেনু প্ৰকাশনৰ ‘আজি’ কাকতৰ যোগেদি সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি দিয়া সাংবাদিক শইকীয়াই দুটা বছৰ কাকতখনত সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত অৰ্থাৎ ২০০৬ বৰ্ষৰ পৰা সাদিন প্ৰকাশনৰ ‘অসমীয়া প্ৰতিদিন’ কাকতত যোগদান কৰি তেতিয়াৰ পৰা বৰ্তমানলৈকে কাকতখনৰ লগত জড়িত হৈ আছে । অসমীয়া প্ৰতিদিন কাকতত কাকপথাৰৰ স্থানীয় সংবাদদাতাৰূপে সেৱা আগবঢ়াই অহা শইকীয়াই যোৱা ২০১৯ বৰ্ষত কাকতখনৰ তিনিচুকীয়া সদৰৰ সাংবাদিক হিচাপে যোগদান কৰে । সাংবাদিকতাৰ সমান্তৰালকৈ সাহিত্য সেৱাত মগ্ন হোৱা শইকীয়াৰ কেইবাটাও ভ্ৰমণ কাহিনী, পৰ্যটন সম্বন্ধীয় লেখা কাকত-আলোচনীত প্ৰকাশ পাইছে । শেহতীয়াকৈ সামাজিক মাধ্যম ‘ফেচবুক’ৰ জৰিয়তে সাংবাদিক শইকীয়াই সত্য ঘটনাৰ আলম লৈ ৰস ৰছনা সমৃদ্ধ চুটি গল্প লেখা আৰম্ভ কৰিছে । লেখাসমূহ পাঠক সমাজৰ মাজত সমাদৃত হৈছে । শইকীয়াই সম্প্ৰতি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মুখপত্ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

সভাখনত মাৰ্ঘেৰিটা মহকুমা জনসম্পৰ্কৰক্ষী বিষয়া গুৰমিত সিং চৌৰি , সংস্থাৰ নৱনিৰ্বাচিত সভাপতি পাৰ্থপ্ৰতীম গোস্বামী, ড° ঋষি দাস, মনোজ দত্ত, মনোৰঞ্জন দাস, ৰাজু হাজৰিকা, বিজয় দত্ত, ৰাতুল কলিতা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য সুনীল গুৰুং, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা, ৰমনী বুঢ়াগোঁহাই, মনোজ বৰুৱা, মিন্টু তালুকদাৰ, আছাৰ তিনিচুকীয়া জিলাৰ সম্পাদক ৰামানুজ লাক্ৰা আদি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । প্ৰয়াত গজেন বৰঠাকুৰ আৰু গকুল শৰ্মাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৰমিত সিং চৌৰি আৰু জগত চাংমাইয়ে ।

এই অনুষ্ঠানতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সমিতিখনৰ চিনাকী পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি প্রথমদিনা সন্থাৰ সভাপতি ৰামপ্রসাদ আম্বেদকাৰে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰিব । উক্তদিনা ‘আপোনাৰ কল্পনাৰ মাৰ্ঘেৰিটা নগৰ’ শীর্ষক মুকলি আলোচনা সভা অনুষ্ঠিত হয় । অধিবেশনৰ পতাকা উত্তোলন কৰে – সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে । স্মৃতি তৰ্পণ কৰে উপ – সভাপতিদ্বয় পাৰ্থপ্ৰতীম গোস্বামী আৰু সমীৰণ বৰঠাকুৰে। বৃক্ষৰোপন কৰে পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ভীম কৰ্মকাৰ আৰু সংস্থাৰ সম্পাদক প্ৰশান্ত চেতিয়াই । তাৰ পাছতে আপোনাৰ সপোনৰ মাৰ্ঘেৰিটা নগৰ শীৰ্ষক মুকলি আলোচনা সভা অনুষ্ঠিত হয় । সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি আলোচনা সভাৰ আতঁ ধৰে ৰাণাজ্যোতি নেওগ আৰু সমীৰণ বৰঠাকুৰে । আলোচনা সভাত ভীম কৰ্মকাৰ, আশীষ পাল, মণি দত্ত ৰাজলক্ষী গগৈ, সমিতা দেৱ, প্ৰণামী সোণোৱাল আদি উপস্থিত থাকি নগৰ খনকলৈ তেওঁলোকে যুগুত কৰা পৰিকল্পনা ব্যক্ত কৰে ।

নগৰ সমিতিখনৰ প্ৰাক্তন পৌৰপতি নিৰু বৰাই বিগত সময়ছোৱাত কৰা কাম- কাজ আৰু কৰিবলগীয়া কাম কাজৰ বাখ্যা ডাঙি ধৰে । ৱাৰ্ড কমিচনাৰ ভীম কৰ্মকাৰে গণসচেতনতাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । সভাখনত উপস্থিত থাকি নগৰ খনৰ নাগৰিক তৌফিক খান, অনীতা দাস মহান্তী, সীমা পাল, পাপু দত্ত, অজিত বেজবৰুৱা আদিকে ধৰি বিভিন্ন জনে নগৰ খনৰ বিভিন্ন সমস্যাৰ বাখ্যা ডাঙি ধৰে । মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপ – সভাপতিদ্বয় পাৰ্থপ্ৰতীম গোস্বামী সমীৰণ বৰঠাকুৰ সম্পাদক প্ৰশান্ত চেতিয়া, যুটীয়া সম্পাদক তপন দে, শ্যামল নেওগ, ফাইজুৰ ৰহমান, মানস প্ৰতিম গগৈ, মিঠুন বৰুৱা বিকাশ বৰুৱা, বিকি দাস, অৰুণ ভূঞা, অমিত দাস, প্ৰতীক ছেত্ৰী, আব্দুল আলিম আদি সকলো বিষয়ববীয়া উপস্থিত থাকে ।


মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ২০২২ – ২০২৪ বৰ্ষৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন । প্ৰথমদিনা সন্ধিয়া ৰামপ্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাখন উদ্বোধন কৰে উপদেষ্টা ৰাজীৱ নিংখীয়ে । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ পৰ্যবেক্ষণত অনুষ্ঠিত সভাত সংস্থাৰ সাংগঠনিক দিশ ভবিষ্যত কাৰ্যপন্থা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সমীৰণ বৰঠাকুৰে । এই সভাতে ৰামপ্ৰসাদ আম্বেদকাৰ আৰু ৰাজীৱ নিংখীক উপদেষ্টা পাৰ্থপ্ৰতীম গোস্বামীক সভাপতি সমীৰণ বৰঠাকুৰ বিকাশ বৰুৱাক উপসভাপতি আৰু প্ৰশান্ত চেতিয়াক সম্পাদক, তপন দে, মানস প্ৰতিম গগৈক যুটীয়া সম্পাদক, ফাইজুৰ ৰহমানক সাংগঠনিক সম্পাদক মিঠুন বৰুৱাক কোষাধ্যক্ষ, ৰাণাজ্যোতি নেওগক পদেন সদস্য, খিলানাথ অধিকাৰী, অমিত দাস, শ্যামল নেওগ, অৰুণ ভূঞা, আব্দুল আলিম, কিচান লামা লুলুং, বিকি দাস, প্ৰতীক ছেত্ৰীক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ ২০ জনীয়া নতুন কমিটি গঠন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,137 other subscribers

Leave a comment

Leave a Reply Cancel reply