তিনিচুকীয়া : তিনিচুকীয়া জিলা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। কভিড মহামাৰীৰ ভয়াবহ পৰিৱেশৰ মাজত তিনিচুকীয়া আৰক্ষীয়ে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ। তিনিচুকীয়াত আৰক্ষীয়ে ৰাইজৰ মাজত বিতৰণ কৰিছে বিনামূলীয়ালৈ মাস্ক।

দেশত কভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। আক্রান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত চিকিৎসালয় সমূহত ৰোগী ৰখাৰ ঠাইৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে।

অসমতো প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে যদিও অসমৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে। অসমত যাতে পৰিস্থিতি অধিক ভয়াবহ নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ আৰু আৰক্ষী-প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে।

কভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ৰাইজক সজাগ হৈ কভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। আৰক্ষী-প্ৰশাসনো কঠোৰ হৈছে নীতি-নিৰ্দেশনা পালন নকৰা আৰু মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে। আৰক্ষীয়ে এফালে ধাৰাবাহিকভাৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে আৰু আনফালে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ জৰিমনা বিহিছে।

ইয়াৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জিলাখনৰ আৰক্ষী অধীক্ষক আই পি এচ বৈভৱ নিম্বালকৰৰ নেতৃত্বত মানৱীয় দৃষ্টিৰে তিনিচুকীয়া আৰক্ষীয়ে যোৱা তিনিদিন ধৰি তিনিচুকীয়া নগৰকে ধৰি জিলাখনৰ প্ৰতিখন থানাৰ অন্তৰ্গত সকলো অঞ্চলতে বিনামূলীয়াকৈ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰিছে। আৰক্ষীয়ে কেইবাহাজাৰো মাস্ক বিতৰণ কৰি ৰাইজৰ মাজত সজাগতা অভিযান চলোৱা কাৰ্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply