তিনিচুকীয়াঃ তিনিচুকীয়াত চুৰিৰ সামগ্ৰী ক্ৰয় কৰাৰ অপৰাধত এখন দোকানৰ স্বত্বাধিকাৰীসহ আটক চাৰিজন। আটকাধীন লোককেইজন তিনিচুকীয়াৰ এটি ৰোডত অৱস্থিত এখন দোকানৰ স্বত্বাধিকাৰী আশীষ সুৰেকা, তেওঁৰ কৰ্মচাৰী মনোজ শ্বাহ, জুনাছ আৰু বৃজেশ গোৱালা বুলি জানিব পৰা গৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩৮০/৩৪ ধাৰাত গোচৰ ৰুজু কৰি লোককেইজনক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি তিনিচুকীয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাইয়ে জনাইছে।
ইষ্টম’জ’ৰ আগত তিনিচুকীয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাইয়ে কয়, ‘কিছুদিন পূৰ্বে চিৰৱাপট্টি অঞ্চলৰ লোকসকলে মনোজ শ্বাহ নামৰ লোকজনক কাঠফলা মেচিন সহ হাতেলোটে আটক কৰি আৰক্ষীক গটাই দিছিল। মনোজ শ্বাহক আৰক্ষীয়ে চলোৱা জেৰাৰ ভিত্তিত তদন্ত চলাই চুৰি সামগ্ৰী ক্ৰয় কৰাৰ লগত জড়িত থকাৰ অপৰাধত আশীষ সুৰেকা নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। আনহাতে জুনাছ নামৰ আনজন অভিযুক্তই মঙলবাৰে এটা গুদামৰ পৰা ৩৫ৰ পৰা ৪০ হাজাৰ টকাৰ মূল্যৰ এটা মেচিন চুৰি কৰিছিল। চুৰি কৰা মেচিনটো তেওঁ গুডামৰ কাষৰ জংঘলৰ মাজত ঢাকি থৈ নিশা প্ৰায় ১১.৪০ মান বজাত তেওঁ মটৰ চাইকেলেৰে চুৰি সামগ্ৰীবোৰ কঢ়িয়াই আনোতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰি সন্দেহ উপজাত তেওঁক আটক কৰি আৰক্ষীক গটাই দিয়ে।
তিনিচুকীয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাইয়ে দোকানীসকলক বিল অবিহনে চুৰি সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। কেইবাখনো দোকানত একেধৰণৰ চুৰি সংঘটিত হোৱাৰ খবৰ আহিছে যদিও প্ৰমাণৰ অভাৱ আৰু অন্যান্য কাৰণত আৰক্ষীয়ে অভিযোগ দাখিল কৰাত প্ৰতিহত কৰিবলগীয়া হৈছে বুলিও বুঢ়াগোহাইয়ে উল্লেখ কৰে।
এই সন্দৰ্ভত ব্যৱসায়ী তথা নেচনেল চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যবাহী সদস্য অমিত বাঞ্চালে কয় যে দোকানীসকলে ইচ্ছাকৃতভাৱে বা অইচ্ছাকৃতভাৱে হ’লেও চুৰি সামগ্ৰী ক্ৰয় কৰাটো কেৱল অবৈধ কাৰ্য্যই নহয়, অপৰাধো। তেওঁলোকে চুৰি সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিলে কোনেও তেওঁলোকক চুৰি সামগ্ৰী বিক্ৰী কৰাৰ সুযোগ নাপাব। ইয়ে অপৰাধমূলক কাৰ্যত লিপ্ত হোৱাৰ পৰাও বাধা দিব।