নিউজ ডেস্কঃ অসম-নগালেণ্ড সীমান্তৰ তিতাবৰ সমষ্টিৰ বেকাজান পঞ্চায়তৰ ভূমিপট্টা সমস্যা সমাধানৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। বুধবাৰে যোৰহাট আৱৰ্ত ভৱনত এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰে তিতাবৰ ৰাজহ চক্ৰ বিষয়া ড০ জয়ন্ত বৰাক।
ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কয় যে- বৰ্তমানলৈ সীমান্তৰ ৮০০ ভূমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে। লগতে আৰু এহাজাৰখন ভূমিপট্টা সাজু কৰি ৰখা হৈছে।
বিত্তমন্ত্ৰী গৰাকীয়ে বেকাজান অঞ্চলৰ ৰাইজক ১০০ শতাংশ ভূমিপট্টা বসুন্ধৰা আঁচনিৰ দ্বিতীয় পৰ্যায়ত দি শেষ কৰিবলৈ চক্ৰবিষয়া গৰাকীক নিৰ্দেশ দিয়ে ।
ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে বেকাজানৰ যিমানবোৰ উন্নয়নমূলক আঁচনিৰ কাম চলি আছে সেয়া তৰান্বিত আৰু তদাৰক কৰিবলৈ চক্ৰ বিষয়াগৰাকীক কয়।