তিতাবৰৰ আকাশত উৰিব চি প্লেন ! এগৰাকী ৰাজমিস্ত্রীয়ে নিৰ্মাণ কৰি ওলাইছে জলপৃষ্ঠ আৰু আকাশ মাৰ্গত উৰিব পৰা এখন চি’ প্লেন ! বুবুল শইকীয়া নামৰ তিতাবৰ চৰাই পানীৰ প্ৰতিভাবান এগৰাকী ৰাজমিস্ত্ৰীয়ে বিগত দুবছৰ ধৰি চি প্লেন খনৰ নিৰ্মান কাৰ্য চলাই আহিছিল ।
এই চি’প্লেনখনৰ জলপৃষ্ঠত চলোৱাৰ সফল পৰীক্ষণ সমাপ্ত হয় যদিও আকাশ মাৰ্গত উৰুৱাব পৰা হৈছে নে নাই তাৰ ওপৰত কৰিব লগীয়া আছে বহু কাম ।
ইফালে পেচাত এগৰাকী ৰাজমিস্ত্ৰী বুবুল শইকীয়াই সৰুৰে পৰা আকাশ মাৰ্গত উৰা এটা সপোন বুকুত বান্ধি ৰাখিছিল । আৰু এই সপোনত বাস্তৱ ৰূপ দিবলৈ বিগত দুটা বছৰ ধৰি এই চি’প্লেন খনৰ নিৰ্মাণ কাৰ্যত নিজকে নিয়োজিত কৰিছিলে ।
বুবুলে মিস্ত্ৰী কৰি পোৱা টকাৰে নিজৰ ঘৰখন চলোৱা লগতে চি’প্লেনখনৰ ব্যৱহৃত সামগ্ৰী সমূহো ক্ৰয় কৰি বিগত দুটা বছৰে নিৰ্মান কৰি আহিছিল চি’প্লেনখন ।
বাজাজ পালচাৰ ২২০ বাইকৰ ইঞ্জিন ব্যৱহাৰেৰে কোনো ধৰণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ নোলোৱাকৈ একাগ্ৰতা আৰু সাধনাৰে ঘৰতে স্থানীয় কেইগৰাকীমান যুৱকৰ লগত লগ লাগি নিৰ্মাণ কৰি ওলাইছে এই চি’প্লেনখন ।
লগতে পঢ়ক সমস্যাৰে ভাৰাক্ৰান্ত সোণাৰিৰ বালিজান গ্ৰাণ্ট অঞ্চল