সোণাৰি: এৰাবাৰীত পৰিণত হৈছে সোণাৰিৰ টিটলাগড় পশু চিকিৎসা কেন্দ্ৰ। দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসা কেন্দ্ৰটো।
হাবি-জংঘলেৰে আৱৰি ভূত বাংলা সদৃশ হৈ পৰিছে পশু চিকিৎসা কেন্দ্ৰটোৰ গৃহ। পিছে কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।
আৰু পঢ়ক: গোলাঘাট জিলা দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন
চিকিৎসা কেন্দ্ৰটো বন্ধ হৈ পৰাত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।
টিটলাগড় পশু চিকিৎসা কেন্দ্ৰটো পুনৰ্জীৱিত কৰিবলৈ ৰাইজে বাৰম্বাৰ দাবী উত্থাপন কৰা পিছতো গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই।