নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বতাহ যেন এতিয়া অসমতো বলিছে। গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত যোৱাকালিয়ে আহি উপস্থিত হয় শিৱসেনাৰ ৩০জনৰো অধিক বিধায়ক। তাৰ মাজতে আজি পুৱাই তৃণমূল কংগ্ৰেছ অসমে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হোটেলখনৰ সন্মুখত।
হোটেলখনৰ বাহিৰত তৃণমূল কংগ্ৰেছ অসমৰ বৃহৎ সংখ্যক কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে যে- অসমৰ বিজেপি চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যাতে মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ চৰকাৰ ভাঙি যায়। আৰু লগতে প্ৰতিবাদকাৰীসকলে শিৱসেনা গ’বেক, বিধায়ক কিনা-বেচা বন্ধ কৰক আদি শ্ল’গান দিয়ে।
উল্লেখ্য যে, তৃণমূল কংগ্ৰেছ অসমৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নেতৃত্বত সাব্যস্ত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ইফালে, প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ আগত কয় যে- এফালে অসমত বান পৰিস্থিতি ভয়াৱহ হৈ আছে, আনফালে বিজেপি চৰকাৰে মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক পৰিৱেশক লৈ ব্যস্ত হৈ পৰিছে।