নিউজ ডেস্কঃ আজি গুৱাহাটীৰ ৰুক্মিণীগাঁৱত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। টিএমচিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা তৎপৰ হৈ পৰিছে ৰিপুন বৰা। তেওঁৰ নেতৃত্বতে আজি বিশাল আয়োজনেৰে এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
আজিৰ এই অনুষ্ঠানত ৰিপুন বৰাৰ লগতে উপস্থিত থাকে টিএমচি নো ডাঃ মুকুল চাংমা, দলটোৰ নেত্ৰী সুস্মিতা দে’ আৰু মহুৱা মৈত্ৰ। জানিব পৰা মতে, আজিৰ এই যোগদান কাৰ্যসূচীত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হৈছে। তৃণমূল কংগ্ৰেছৰ আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অন্তত বিহু নৃত্যও পৰিৱেশ কৰা হয়।
https://www.facebook.com/EastMojoAssam/videos/364980165679185
ইফালে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত কয়- ‘AIUDF ইতিমধ্যে বিজেপিৰ বি টীম বুলি প্ৰমাণ হৈ গৈছে। গতিকে AIUDFৰ লগত কোনো ধৰণৰ মিত্ৰতা কথা নাহে। ঠিক সেইদৰে কংগ্ৰেছৰ লগতো কোনো ধৰণৰ মিত্ৰতাৰ কথা নাহে। তৃণমূল কংগ্ৰেছে অকলে যুঁজিম। গতিকে কোনো মিত্ৰতাৰ কথা নাহে।’
লগতে সাংবাদিকৰ আগত ৰিপুন বৰাই কয় যে- ‘প্ৰথম কথা আমাৰ নামটোৱে হৈছে তৃণমূল। আমি তৃণমূলত যাম। আমি নেতাৰ ওপৰত অধিক গুৰু্ত্ব আৰোপ নকৰো। আৰু আমাৰ ৰাজ্যিক কমিটী আৰু জিলা কমিটী গঠন হোৱাৰ পাছত আমি আমাৰ সকলোৱে ৰাইজৰ ওচৰলৈ যাম। বিজেপিৰ অপশাসনৰ ফলত ৰাইজৰ যি অৱস্থা হৈছে। কেন্দ্ৰত আৰু ৰাজ্যত বিজেপিৰ চৰকাৰে অসমৰ মানুহৰ ওপৰত যি আজি অন্যায়-অবিচাৰ চলাই আছে, এই গোটেই কথাবোৰ আমি ৰাইজৰ আগত দাঙি ধৰিম।’