ধেমাজি : টীম থাৰ্টীন সকলৰ সহযোগত নতুন মুখ নতুন সংগ্ৰামক মূল বিষয় হিচাপে লৈ ৫০ সংখ্যক টিএমপিকে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উত্তৰ ধেমাজিত বিশেষ কাৰ্যসূচী। সমগ্ৰ অসমৰ মিচিং গাঁও সমূহৰ লগতে উত্তৰ ধেমাজি ৰাইচাপৰি বলমা গাঁৱৰ ৰাইজেও আজিৰে পৰা গাঁৱৰ ৰাজহুৱা অনুষ্ঠান, বিদ্যালয়, মন্দিৰ,আদিত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

তিনিদিনীয়াকৈ আয়োজন কৰা টিএমপিকে প্ৰতিষ্ঠা দিৱস উৎযাপন অহা ১৬ তাৰিখে সামৰণি পৰিব৷ ১৪ তাৰিখ অৰ্থাৎ আজিৰ পৰা ৫০ সংখ্যক টিএমপিকে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উত্তৰ ধেমাজিৰ ৰাইচাপৰি বলমা বাতাক সমিতিৰ সৌজন্যত গামসকলৰ দ্বাৰা সমূহীয়াকৈ পূৰ্বতে ৰূপণ কৰি থোৱা অৰ্জুন বাগান তলিৰ অপতৃণ বন-বাতবোৰ পৰিষ্কাৰকৰণ আৰু নতুনকৈ ৫০০ পুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে।

লগতে পঢ়ক :  পূজাৰ বতৰত লখিমপুৰৰ বাবে বহু ভাল খবৰ দিলে বিধায়ক মানৱ ডেকাই

সমাজখনৰ উন্নয়নৰ বাবে শিক্ষা, পৰিৱেশ পৰিস্কাৰ কৈ ৰখা আৰু স্বাস্থ্যসন্মত বিষয় বোৰৰ ওপৰত লক্ষ্য ৰাখি সজাগতা মূলক গাঁও সভা আয়োজন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply