ভাৰতীয় জনতা পাৰ্টিৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উৎসাহেৰে সমগ্ৰ দেশতে বিজেপিৰ দ্বাৰা উদযাপন কৰা হৈছে।
১৯৮০ চনৰ ৬ এপ্ৰিলৰ দিনটোতে এই ৰাজনৈতিক দলটোৰ আৰম্ভ হৈছিল। আজি দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ দেশতে বিজেপিৰ দ্বাৰা বহু কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজধানী দিল্লীত অৱস্থিত দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সভাপতি জে পি নাড্ডাই পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ শ্ৰমিকসকলক সম্বোধন কৰে। বিজেপিৰ সভাপতি গৰাকীৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মীসকলক সম্বোধন কৰে। লগতে প্ৰধানমন্ত্ৰীগৰাকায়ে কয়, যে ১৯৮০ চনৰ আৰম্ভণিৰ পৰা বৰ্তমান দলটোৱে বহু দূৰ আগবাঢ়িছে। ইয়াৰ লগে লগে দেশৰ ভিতৰতে সৰ্বাধিক সাংসদ, বিধায়ক থকা বিশ্বৰ সৰ্ববৃহত ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিছে।
ইয়াৰ পাছতে বিজেপিৰ সাধাৰণ সম্পাদক তৰুণ চুঘে কয় যে দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ২০২৩ চনৰ ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে ড০ ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তীলৈ বিশেষ সপ্তাহ পালন কৰাৰ সিন্ধান্ত লোৱা হৈছে বুলি সম্পাদক গৰাকীয়ে উল্লেখ কৰি কয়।
ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৪৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বশিষ্ঠৰ বাজপেয়ী ভৱনত আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিজেপিৰ বহু নেতাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে।