সোণাৰিঃ অসমীয়া গীতি-কাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা তথা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিৱস। কৰোণাকালীন পৰিস্থিতিৰ বাবে “জোনাকী মেল”ৰ স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰিব পৰা হোৱা নাই যদিও প্ৰতিজন সংস্কৃতিৱান অসমীয়াই আজি ঘৰতে থাকি সোঁৱৰণ কৰিছে “সোণালীপাম”ৰ বাসিন্দা গৰাকীক।
কাৰণ, চতুৰ্থ খন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ৰ নিৰ্মাতা পাৰ্বতি প্ৰসাদ বৰুৱা আজি আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজিৰ চৰ্চা এতিয়াও অব্যাহত আছে।
সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত থাকিয়েই নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে ৰচনা কৰিছিল।
বহু চিৰসেউজ গীত, কবিতা আৰু নাটক ৰচনা কৰা অসমীয়া জাতীয়তাবাদী ঐতিহ্য-সংস্কৃতিৰ ধ্বজ্জাবাহী এইগৰাকী চিৰনমস্য ব্যক্তিৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত।
লগতে পঢ়কঃজলসম্পদ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ আকস্মিকভাৱে পৰিদৰ্শন
শিৱসাগৰৰ দিখৌপাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি কাল সোণাৰিতে কটাইছিল।
এটি কলি দুটি পাতেৰে ভৰপূৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই।
ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াই প্ৰকৃতিৰ লগত খেলা কৰি এটা সময়ত ভাগৰি পৰিল।
১৯৬৪ চনৰ ৭ জুন তাৰিখে নিয়তীয়ে কাঢ়ি নিলে গীতিকবি গৰাকীক। কিন্তু এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়ায় যোৱা অৱদান এতিয়াও জীয়াই আছে প্ৰতিজন অসমীয়াৰ মাজত।
তেওঁৰ ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে সেই মহান স্ৰষ্টাগৰাকীক ।