নিউজ ডেস্ক: দশম শ্ৰেণীৰো পাঠদান ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত কেবিনেটৰ৷ এসপ্তাহ-১০ দিনৰ পৰ্যবেক্ষণৰ পিছত আন শ্ৰেণীসমূহো পৰ্যায়ক্ৰমে খোলাৰ বিষয়ে চিন্তা কৰিছে চৰকাৰে। ঘোষণা শিক্ষা মন্ত্ৰীৰ৷
আনহাতে বনবিভাগৰ বিষয়ত কেবিনেটে লোৱা সিদ্ধান্ত মৰ্মে ৰাজ্যৰ বিভিন্ন ট্ৰেজাৰীত জমা হৈ থকা ২৬২৩ টা গড়ৰ খৰ্গৰ ভিতৰত ২৪৭৯ টা নষ্ট কৰি পেলোৱাৰ সিদ্ধান্ত লৈছে ৷ আনহাতে ৯৪ টা গড়ৰ খৰ্গক কাজিৰঙাৰ নেচাৰেল হিষ্ট’ৰী মিউজিয়ামত সংৰক্ষণ কৰি ৰাখিব ৷ ইয়াৰ বিপৰীতে ৫০ টা খৰ্গৰ ওপৰত আইনী যুঁজ চলি থকাৰ বাবে ইয়াক বেলেগ ভাবে ৰাখিবলৈ সিদ্ধান্ত লৈছে ৷
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে ৩৭৯ কোটি টকী মুকলি কৰাৰ সিদ্ধান্ত লয় ৷
বিনামূলীয়া হ’ব ৰিক্সা আৰু ঠেলাৰ অনুজ্ঞাপত্ৰ | অনুজ্ঞাপত্ৰ নবীকৰনৰ বাবেও জিএনচিক দিব নালাগে মাচুল ৷
লোক নিৰ্মাণ বিভাগত গৃহ, শিক্ষা আৰু স্বাস্থ্যৰ বাবে মুখ্য অভিযন্তাৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত ৷
কৰম পূজাৰ বাবে কাইলৈৰ দিনটো ৰাজ্যিক বন্ধৰ দিন হিচাবে ঘোষণা ৷
লগতে পঢ়ক জামুগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে নাবালিকাক বিয়া কৰাবলৈ অহা যুৱকে