গুৱাহাটী : আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী গৰাকীৰ নাম ঘোষণা কৰিব। অসম বিধানসভা কক্ষত অনুষ্ঠিত হ’ব এই বৈঠক। কালি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে দিনজোৰা আলোচনাৰ অন্তত নিশা দিল্লীৰ পৰা উভতি আহে
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কালি নিশাই গুৱাহাটীলৈ আহিছে সাংগঠনিক সম্পাদক বি এল সন্তোষ, অসমৰ তত্বাবধায়ক বৈজয়ন্ত জয় পাণ্ডা। আজি পুৱাৰ ভাগতে আহিব পৰ্যবেক্ষক হিচাবে নৰেন্দ্ৰ সিং টোমৰ আৰু সাধাৰণ সম্পাদক অৰুণ সিং। বিধায়িনী দলৰ সভাত অংশ ল’ব বিজেপিৰ নিৰ্বাচিত ৬০ গৰাকী বিধায়ক। বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছতেই সহযোগী দল অগপ আৰু ইউপিপিএলৰ সৈতে মিলি ৰাজ্যপালক আবেলি ৪ বজাত লগ ধৰি চৰকাৰ গঠনৰ বাবে প্ৰস্তাব দিব।
কাইলৈ শংকৰদেব কলাক্ষেত্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে
কালি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত নিশাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনলৈ আহে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, যোগেন মহন, সাংসদ পল্লব লোচন দাস, তপন গগৈ, ৰাজদীপ ৰয় নৱনিৰ্বাচিত বিধায়ক পৰমানন্দ ৰাজবংশী, বলিন চেতীয়া, দিগন্ত কলিতা, জয়ন্ত মল্ল বৰুৱাসহ বহুজন।