গুৱাহাটী: ডিমা হাচাওৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দুৰ্গত লোকসকলক সহায়ৰ বাবে গোলাঘাটৰ এজন যুৱকে গ্ৰহণ কৰা এক পদক্ষেপে বিভিন্নজনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
অভিষেক সিংহ নামৰ গোলাঘাটৰ যুৱকজনে এই দুৰ্যোগৰ সৈতে যুঁজি থকাসকলক সহায় কৰাৰ উদ্দেশ্যৰে ডিমা হাচাওৰ ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক একলগ কৰি #Together4DimaHasao নামৰ অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে তেওঁৰ এই অভিযানৰ প্ৰতি সঁহাৰি জনাই বহু আমোলা, ৰাষ্ট্ৰীয় সাঁতোৰবিদ শিৱাংগী শৰ্মা, জে এন ইউৰ উত্তৰ-পূব ছাত্ৰ মঞ্চ, গোলাঘাটৰ জিলা কৃষি কাৰ্যালয়ৰ বিষয়া, ডিমা হাচাওৰ নেতৃস্থানীয় নাগৰিক, ছাত্ৰ-ছাত্ৰী, যুৱ নেতাসকল আগবাঢ়ি আহিছে।
সিংহই কয়, ‘বৰ্তমান সাহায্য শিবিৰত থকা মাইবাঙৰ ২৫০ গৰাকী ছোৱালী আৰু মহিলাক আমি ‘Menstrual Hygiene Kits’ প্ৰদান কৰিছো। শীঘ্ৰে আমি আৰ্ত শিশুসকলৰ বাবে প্ৰয়োজনীয় পদক্ষেপো গ্ৰহণ কৰিম।”
বিশিষ্ট সমাজসেৱী কানিকা হোজাই গোৰ্লোছা আৰু হাফলঙৰ বিধায়িকা এল এ চি নন্দিতা গোৰ্লোছে উক্ত অভিযানৰ শলাগ লৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
#Together4DimaHasao অভিযানৰ সমন্বয়কসকল হৈছে অষ্টিনা লাংথাছা আৰু ৰূপালী লাংথাছা। সহযোগী সমন্বয়কসকল হৈছে ৰোমিন্টা কেম্পৰাই, কিনু জোহোৰী, অস্মিতা লাংথাছা, ৰাবিৰি হাগজেৰ, ৰিহানা লাংথাছা, সোমপী কেম্পৰাই আৰু সঞ্জনা লাংথাছা।
লগতে পঢ়ক – মণিপুৰৰ চুৰাচান্দপুৰত প্ৰতিবাদকাৰীৰে আৰক্ষীৰ সংঘৰ্ষ; ১৪৪ ধাৰা জাৰি