নিউজ ডেস্ক : সামৰণি পৰিল ক্ৰীড়াৰ মহাৰণ টকিঅ’ অলিম্পিক ২০২০। ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱৰ আজি আবেলি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ পেৰেডত মল্লযোদ্ধা বজৰং পুনিয়াই ভাৰতক নেতৃত্ব দিয়ে।
উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিক অসমবাসীৰ বাবে বিশেষভাৱে স্মৰণীয় হৈ ৰ’ব। ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লাভলীনা বৰোগাহাঁইৰ জৰিয়তে অসমে পদক জয় কৰিবলৈ সক্ষম হ’ল।

এইবাৰ অলিম্পিকত ভাৰতে মুঠ ৭ টা পদক অৰ্জন কৰে। ইয়াৰে ১ সোণ, ২ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক। অলিম্পিক গে’মছৰ ইতিহাসত এইটোৱে হৈছে ভাৰতৰ আটাইতকৈ উন্নত প্ৰদৰ্শন।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাৰতে মাত্ৰ দুটা পদক অৰ্জন কৰাৰ বিপৰীতে ২০১২ চনৰ লণ্ডন অলিম্পিকত অৰ্জন কৰিছিল ৬ পদক। কিন্তু লণ্ডন অলিম্পিকত ভাৰতে সোণৰ পদক অৰ্জন কৰিব পৰা নাছিল।
ইয়াৰ পূৰ্বে কেৱল ২০০৮ চনৰ বেইজিং অলিম্পিকতে ভাৰতে প্ৰথমটো সোণ অৰ্জন কৰিছিল। সেইবাৰ অভিনৱ বিন্দ্ৰাই শ্বুটিঙত ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল।
টকিঅ’ অলিম্পিকত এইবাৰ ৩৯ টা সোণৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ পদক তাকিলাৰ শীৰ্ষত থকাৰ বিপৰীতে ৩৮ টা সোণৰ পদকেৰে চীন দ্বিতীয় আৰু ২৭ টা সোণৰ পদক অৰ্জন কৰি জাপান তৃতীয় স্থানত আছে।
আনহাতে, আমেৰিকাই মুঠ ১১৩ টা পদক লাভ কৰাৰ বিপৰীতে চীনে ৮৮ টা আৰু জাপানে ৫৮ টা পদক লাভ কৰে।
সুদীর্ঘ ৪১ বছৰৰ পিছত ভাৰতীয় পুৰুষৰ হকী দলটোৱে ব্রঞ্জৰ পদক লাভ কৰাৰ লগতে অলিম্পিকৰ দ্বিতীয় দিনা মহিলাৰ ভাৰোত্তোলনত মীৰাবাঈ চানুৱে ৰূপৰ পদক জয় কৰি ভাৰতলৈ প্রথমটো পদক কঢ়িয়াই আনিছিল৷ মহিলাৰ বেডমিণ্টনৰ ছিংগলছত পি ভি সিন্ধুৱে ব্রঞ্জৰ পদক দখল কৰিছিল৷
৯৪ খন দেশে অংশগ্ৰহণ কৰা এইবাৰৰ অলিম্পিকৰ পদক তালিকাত ভাৰত ৪৮ নম্বৰ স্থানত আছে।

ৰাচিয়াক এইবাৰ অলিম্পিকত অংশগ্ৰহন কৰিবলৈ অনুমতি প্ৰদান নকৰিলে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে । দেশখনৰ খেলুৱৈ ডপিং টেষ্টত পজিটিভ পোৱাৰ পিছত দেশখনক ২০২২ চনলৈকে অলিম্পিক ক্ৰীড়াৰ অন্তগৰ্ত সকলো ক্ৰীড়া প্ৰতিযোগিতাত অংশলোৱাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে । টকিঅ’ অলিম্পিকত ৰাচিয়াৰ খেলুৱৈসকলে ৰাচিয়া অলিম্পিক কমিটিৰ অধীনত অংশ লয় । দলটোৱে ২০টা সোণ ২৮টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদক সহ পঞ্চম স্থানত থাকে ।
লগতে পঢ়ক : অলিম্পিকত পদক বিজয়ী ভাৰতীয়লৈ বিচিচিআইৰ আৰ্থিক অনুদান