ৰহা আৰু মদনপুৰ টোলপ্লাজাৰ দৰেই মান্দাৰদিছা, নাজিৰাখাট আৰু মিকিৰাটি হাওগাঁও টোলপ্লাজাটো বৃদ্ধি কৰা হৈছে মাছুল

নিউজ ডেস্ক: নিৰ্বাচনৰ বতৰত জনতাৰ মূৰত ৰাম টাঙোন কেন্দ্র চৰকাৰৰ। মূল্যবৃদ্ধিয়ে ইতিমধ্যে জনতাক কোঙা কৰাৰ পিছত এইবাৰ টোলগেটৰ মাচুল বৃদ্ধি কৰিবলৈ ওলাইছে। ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে জাৰি কৰিছে মাচুল বৃদ্ধিৰ নতুন জাননী। ১ এপ্রিলৰ পৰা জনতাই দিব লাগিব বৰ্ধিত মাচুল। ৰাজ্যৰ সকলো টোলগেটত প্রযোজ্য হ’ব এই বৰ্ধিত মাচুল।

ৰহা, মদনপুৰ, মান্দাৰদিছা, মিকিৰাটি হাওগাঁও আৰু নাজিৰাখাট টোলগেটকে ধৰি ৫ টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল ৰাজ্যৰ ৫খন টোলগেটত ১ এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মাছুল দিব লাগিব গাড়ীৰ চালকে। নতুন নিৰিখ বলৱত কৰাৰ নিৰ্দেশেৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে প্ৰকাশ কৰিছে বিজ্ঞাপন।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে প্ৰকাশ কৰিছে বিজ্ঞাপন


ৰহা টোলগেট, মদনপুৰ টোলগেট, মান্দাৰদিছা টোলগেট, মিকিৰাটি হাওগাঁও টোলগেট আৰু নাজিৰাখাট টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল।ৰহা টোলগেটত ব্যক্তিগত বাহনৰ মাছুল বাঢ়িল ১০ৰ পৰা ২০ টকা। ৰহা টোলগেটত সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে বৰ্তমান এবাৰত ৮০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ভৰিব লাগে ১২০ টকা। কিন্তু নতুন নিৰিখ মতে ৰহা টোলগেটত সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে এবাৰত ভৰিব লাগিব ১০০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ভৰিব লাগে ১৫০ টকা।একেদৰে লঘু বাণিজ্যিক বা মালবাহী বাহনৰ নিৰিখ বাঢ়িল এবাৰত ১৩০ টকাৰ পৰা ১৬০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ১৯৫ৰ পৰা ২৪০টকালৈ। একেদৰে ডাবল এক্সেল বাছ আৰু ট্ৰাকৰ নিৰিখ বাঢ়িল এবাৰত ২৭৫ৰ পৰা ৩৩৫ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ৪১৫ৰ পৰা ৫০৫ টকালৈ।
একেদৰে মদনপুৰ টোলগেটত ব্যক্তিগত বাহনৰ মাছুল বাঢ়িল ৫ৰ পৰা ১০ টকা। সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে বৰ্তমান এবাৰত ১০৫ টকাৰ পৰিৱৰ্তে ভৰিব লাগিব ১১০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ১৬০ টকাৰ পৰিৱৰ্তে ভৰিব লাগিব ১৭০ টকা।লঘু বাণিজ্যিক বা মালবাহী বাহনৰ নিৰিখ বাঢ়িল এবাৰত ১৭০ টকাৰ পৰা ১৮০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ২৫৫ৰ পৰা ২৭০টকালৈ। একেদৰে ডাবল এক্সেল বাছ আৰু ট্ৰাকৰ নিৰিখ বাঢ়িল এবাৰত ৩৬০ৰ পৰা ৩৮০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ৫৩৫ টকাৰ পৰা ৫৭০ টকালৈ।
এই নিৰিখ ফাষ্টেগ থকা সকলৰ ক্ষেত্ৰত ধাৰ্য কৰা হৈছে ফাষ্টেগ নাথাকিলে দুগুন মূল্য দিব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ এই মূল্যবৃদ্ধিৰ সিদ্ধান্তক লৈ বিৰোধী দলসমূহে নিৰ্বাচনত প্ৰচাৰ আৰম্ভ কৰিছে । ৰাজ্যৰ অধিকাংশ টোলগেট থকা অঞ্চলতেই নিৰ্বাচন হ’বলৈ বাকী , এনে অবস্থাত এই বিষয়টোৱে নিৰ্বাচনী ৰাজনীতিত পৰাৰ সম্ভাবনা নথকা নহয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply