১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাজ্যৰ টোলগেটত টোলকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে ৷ বৃহস্পতিবাৰে মাজনিশাৰ পৰা ৰাজ্যত ১৫ শতাংশকৈ বৃদ্ধি পাব টোলগেটৰ মাচুল।
বৰ্তমান ৰাজ্যত ৬ খন টোলগেট সক্ৰিয় হৈ আছে।এই বৃদ্ধিৰ ফলত কিমান টকা মাচুল দিব লাগিব।সোণাপুৰ টোলগেটত নতুন নিৰিখ মতে লঘু বাহনে বৰ্তমানৰ ১১৫ টকাৰ ঠাইত ১৩০ টকা, মদনপুৰত ১১০ টকাৰ ঠাইত ১২৫ টকা, ৰহাত ১০০ টকাৰ ঠাইত ১১০ টকা, ডবকাত ৮০ টকাৰ ঠাইত ৯০ টকালৈ বৃদ্ধি কৰিছে।
আনহাতে মিনিবাছৰ ক্ষেত্ৰত সোণাপুৰত ১৮৫ টকাৰ ঠাইত ২০৫ টকা, মদনপুৰত ১৮০ টকাৰ ঠাইত ২০০ , ৰহাত ১৬০ টকা ঠাইত ১৭৫ টকা আৰু ডবকাত বৰ্তমানৰ ১৩০ টকাৰ সলনি ১৪৫ টকালৈ বৃদ্ধি কৰিছে।
ডবকাৰ মিকিৰআটী হাওঁগাওঁত থকা টোলগেটত বৰ্তমানে চাৰিচকীয়া ব্যক্তিগত বাহনে দি অহা ৮০ টকা টোলটেক্স ১ এপ্ৰিলৰ পৰা ৯০ টকা দিব লাগিব ৷
সৰু বানিজ্যিক বাহনে বৰ্তমানৰ ১৩০ টকাৰ পৰিবৰ্তে ১৪৫ টকা ,যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাক সমূহে ২৭৫ টকাৰ পৰিবৰ্তে ৩০৫ টকা দি এই টোলগেটৰ মাজেৰে পাৰ হ’ব লাগিব ৷ ইয়াৰ উপৰিওঁ টোলগেটৰ পৰা ২০ কিলোমিটাৰ ভিতৰত থকা স্থানীয় চাৰিচকীয়া বাহনৰ মালিক সকলে মাহেকীয়া হিচাপত বৰ্তমানে দি অহা টোল কৰ ২৮৫ টকাৰ পৰিবৰ্তে ৩১৫ টকা দিব লাগিব ৷
টোলটেক্স বৃদ্ধিৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিতো অৰিহনা যোগাব।