টোলগেটেৰে পাৰ হ’লে পূৰ্বতকৈ ভৰিব লাগিব অধিক মাচুল। বিদ্যুতৰ হাৰ বৃদ্ধি আৰু প্ৰয়োজনীয় ঔষধৰ পৰিপ্ৰেক্ষিতত এতিয়া অসম প্ৰশাসনে টোলগেটৰ চাৰ্জ পুনৰ এবাৰ বৃদ্ধি কৰিবলৈ সাজু হৈছে। অসমত এই টোল কৰ ৫ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে । আজিৰে পৰা ৰাজ্যৰ ৭ খন টোলগেটত বৃদ্ধি পাব মাচুল আৰু এই নতুন হাৰ আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে।
টোলগেটৰ নতুন নিৰিখ অনুসৰি ‘নাজিৰাখাটৰ’ টোলগেট পাৰ হওঁতে পূৰ্বতে লঘু ব্যক্তিগত বাহনে দিব লগা হৈছিল ১২৫ টকা কিন্তু এতিয়াৰে পৰা তেওঁলোকে ১৩৫ টকা দিব লাগিব। লঘু বাণিজ্যিক বাহনে পূৰ্বতে ২০৫ টকা দিব লগা হৈছিল; কিন্তু এতিয়াৰে পৰা ২১৫ টকা দিব লাগিব। বাছ আৰু ট্ৰাকৰ পূৰ্ব নিৰিখ আছিল ৪৪৫ টকা কিন্তু এতিয়া ভৰিব লাগিব ৪৫৫ টকা।
আনহাতে ‘মদনপুৰ’ টোলগেটৰ নতুন নিৰিখ অনুসৰি পূৰ্বতে লঘু ব্যক্তিগত বাহনে দিব লগা হৈছিল ১২৫ টকা এতিয়াৰে পৰা তেওঁলোকে দিব লাগিব ১৩০ টকা। পৰিবাহী বাহন-মিনিবাছে দিব লাগিব ২১০ টকা , বাছ আৰু ট্ৰাকৰ পূৰ্ব নিৰিখ অনুসৰি এতিয়াৰে পৰা দিব লাগিব ৪৪০ টকা।
‘ৰহা’ টোলগেটত লঘু ব্যক্তিগত বাহনে পূৰ্বতে দিব লগা হৈছিল ১১০ টকা এতিয়াৰে পৰা তেওঁলোকে দিব লাগিব ১১৫ টকা, বাণিজ্যিক বাহনৰ পূৰ্বতে আছিল ১৭৫ টকা বৰ্তমান ১৮৫ টকা লগতে বাছ আৰু ট্ৰাকে পূৰ্বতে দিব লগা হৈছিল ৩৭০ টকা বৰ্তমান ৩৯০ টকাকৈ দিব লাগিব।
‘মিকিৰআটি’টোলগেটত লঘু ব্যক্তিগত বাহনে পূৰ্বতে দিব লগা হৈছিল ৯০ টকা বৰ্তমান ৯৫ টকাকৈ দিব লাগিব বাণিজ্যিক বাহনৰ পূৰ্বতে আছিল ১৪৫ টকা আৰু এতিয়া দিব লাগিব ১৫০ টকা লগতে বাছ আৰু ট্ৰাকে পূৰ্বতে দিব লগা হৈছিল ৩০৫ টকা আৰু এতিয়া দিব লাগিব ৩২০ টকা।
ইয়াৰ লগতে, 2 AXLES যুক্ত বাছ–ট্ৰাকে পূৰ্বতে ৩৩০ টকা দিব লাগিছিল য’ত এতিয়াৰে পৰা ৪৫৫ টকা দিব লাগিব আৰু দিনটোৰ ভিতৰত অহা-যোৱা কৰা এই 2 AXLES বাহনে পূৰ্বতে ৬৫০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৬৮০ টকা দিব লাগিব। 4 AXLES যুক্ত গধুৰ বাহনে টোলগেট এবাৰ পাৰ হ’বলৈ পূৰ্বতে ৬৮০ টকা দিছিল আৰু এতিয়াৰ পৰা ৭১০ টকা দিব লগা হ’ব। ইয়াৰোপৰি, 4 AXLES বাহনে পূৰ্বতে দিনটোত অহা-যোৱা কৰোতে দিব লাগিছিল ১০১৫ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা ১০৭০ টকা পৰিশোধ কৰিব লাগিব। 7 AXLES যুক্ত বা তাতকৈ গধুৰ বাহনে পূৰ্বতে এবাৰ টোলগেট পৰা কৰোতে ৮২৫ টকা দিব লাগিছিল, কিন্তু আজিৰ পৰা ৮৬৫ টকা পৰিশোধ কৰিব লাগিব। তাৰোপৰি, 7 AXLES যুক্ত তথা গধুৰ বাহনে দিনটোত অহা-যোৱাৰ বাবদ আগতে ১২৪০ টকা দিব লগা হৈছিল আৰু আজিৰে পৰা এই মূল্য বৃদ্ধি হৈ ১৩০০ টকা পৰিশোধ কৰিব লাগিব।
স্বাভিকতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে এটা বছৰৰ ভিতৰতে দ্বিতীয় বাৰৰ বাবে টোলগেটৰ মাচুল বৃদ্ধি কৰাত ক্ষুব্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।
আনহাতে মুখ্যমন্ত্ৰী গৰাকীক টোলগেটৰ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে,” টোলগেটক লৈ ৰাজ্য চৰকাৰ কোনো সম্পৰ্ক নাই ,এইটো বিষয় ৰাজ্য চৰকাৰৰ সৈতে জড়িত নহয়।”