নিউজ ডেস্ক : অসম আৰক্ষীয়ে জনোৱা মতে মঙলবাৰে ৰাজ্যত এগৰাকী শীৰ্ষ পৰ্য্যায়ৰ মাওবাদী নেতাই আত্মসমৰ্পন কৰিছে। আত্মসমৰ্পন কৰা নেতাজনক তিংৰাজ ওৰাং বুলি চিনাক্ত কৰা হৈছে। তেওঁ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰসাৰ ঘটোৱাৰ দায়িত্বত আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অসম আৰক্ষীৰ অতিৰিক্ত মহাপ্ৰবন্ধক (বিশেষ শাখা) হিৰেণ নাথৰ ওচৰত তেওঁ আত্মসমৰ্পন কৰে।

৪৯ বছৰীয়া মাওবাদী নেতাজন সংগঠনটোৰ অসম ৰাজ্যিক সাংগঠনিক সমিটিৰ আহ্বায়ক থকাৰ লগতে সংগঠনটোৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা মাণ্ডলিক সমিতিৰ সাধাৰণ সম্পাদক আছিল।

ডিব্ৰুগড় জিলাৰ শামুকতোলা গাঁৱৰ ওৰাঙে আত্মসমৰ্পনৰ সময়ত কোনো অস্ত্ৰ-শস্ত্ৰ জমা দিয়া নাই বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ২০০৬ চনত চি পি আই (মাওবাদী) – দলত যোগদান কৰাৰ পূৰ্বে ১৯৮৯ চনৰ পৰা ১৯৯৯ চনলৈকে ওৰাং এছ এফ আই আৰু চি পি আই (এম)-ৰ সদস্য আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁৰ গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠনটোৰ বাবে এক মোক্ষম আঘাত বুলি আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে।

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ সাত গৰাকী শিক্ষাৰ্থী ক’ভিডত আক্রান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply