গুৱাহাটী: অসমত প্ৰথমবাৰলৈ গ্ৰেপ্তাৰ হ’ল শীৰ্ষ পৰ্যায়ৰ মাওবাদী নেতা। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে সংবাদমেলত জনালে এই তথ্য।
আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰথম বাৰলৈ মাওবাদীৰ শীৰ্ষ নেতাক অসমৰ সীমাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হৈছে।
কাছাৰৰ পাটিমাৰা চাহবাগানৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছে মাওবাদী কেন্দ্ৰীয় কমিটিৰ নেতাজনক। ৭২ বছৰীয়া এই নেতাজনৰ নাম অৰুন কুমাৰ ভট্টাচাৰ্য । তেওক সংগঠনটোত বিভিন্ন নামেৰে জনাজাত আছিল। তাৰ ভিতৰত এটা নাম আছিল কাঞ্চনদা নামেৰে।
অসমত মাওবাদীৰ টীম গঠনৰ চেষ্টা চলাই আছিল নেতা জনে
।
দেশৰ ভিন্ন প্ৰান্তত ২০০গোচৰ ৰুজু হৈ আছিল কাঞ্চনদা ওৰফে অৰুন কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে।
৩ কোটি টকাৰ পুৰস্কাৰ ঘোষনা কৰা হৈছিল কাঞ্চনদা ওৰফে অৰুন কুমাৰ ভট্টাচাৰ্যৰ সন্ধান দিওতালৈ।
৩,৬০ লাখ নগদ ধন লেপটপ ৰ পৰা আৰম্ভ কৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে।
কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই ক্ৰাইম ব্ৰাঞ্চৰ ADCP নোমল মাহাটোৰ নেতৃত্বত এই অভিযান চলিছিল।
পচিমবংগৰ হাওৰাৰ নিবাসী আছিল ৭২বছৰীয়া মাওবাদী নেতা কাঞ্চনদা।