নিউজ ডেস্ক : শুকুৰবাৰে ঝাৰখণ্ড আৰক্ষীয়ে মাওবাদী বিদ্ৰোহীৰ বিৰুদ্ধে চলাই থকা অভিযানত এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দুগৰাকী শীৰ্ষ মাওবাদী নেতা প্ৰসান্ত বসু ওৰফে কৃষাণ দা আৰু তেওঁৰ শীলা মাৰাণ্ডিক গ্ৰেপ্তাৰ কৰে।

৭০ বছৰৰ ঊৰ্ধ্বৰ বসু নিষিদ্ধঘোষিত চি পি আই (মাওবাদী)ৰ চেকেণ্ড ইন কমাণ্ড আৰু তেওঁৰ পত্নী শীলা মাৰাণ্ডি হৈছে সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ একমাত্ৰ মহিলা সদস্যা।

বৰ্তমান বসু চি পি আই (মাওবাদী) পলিটব্যুৰ’ৰ এগৰাকী সদস্য হোৱাৰ লগতে সংগঠনটোৰ ইষ্টাৰ্ন ৰিজনেল ব্যুৰ’ (ERB)-ৰ সম্পাদকৰ দায়িত্বত আছিল।

(ERB)-ৰ সম্পাদক হিচাপে তেওঁ উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ লগতে বিহাৰ, ঝাৰখণ্ড, বেংগল আৰু উত্তৰ প্ৰদেশত সংগঠনটোৰ কাম-কাজ বৃদ্ধি চোৱাচিতা কৰিছিল।

উল্লেখযোগ্য যে শীৰ্ষ মাওবাদী নেতা গৰাকীৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ ৰখা আছিল, শুকুৰবাৰে ঝাৰখণ্ডৰ ছেৰাইকেলা জিলাত নেতাজনক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক : আলফালৈ যোৱাৰ সন্দেহ উজনি অসমৰ যুৱতী-মহিলাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply