বঙাইগাওঁঃ বঙাইগাঁৱত আলফা আৰক্ষীৰে তীব্ৰ সংঘৰ্ষ। আলফা স্বাধীনৰ বিত্ত সম্পাদকৰ আত্মসমৰ্পণৰ দিনাই এই সংঘাত।

আৰক্ষীৰে চলা এই সংঘৰ্ষত নিহত হয় আলফা স্বাধীনৰ কমাণ্ডাৰ দ্বীপেন সাউদ।

দ্বীপেন সাউদৰ ঘৰ বৰপেটা জিলাৰ সৰভোগত ।


আজি কাহিলিপুৱাতে বঙাইগাঁৱৰ বেছিমাৰীত সংঘটিত হয় এই সংঘৰ্ষ।

আৰক্ষীয়ে পদুম ৰায় নামৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অসম আৰক্ষীয়ে জানিব দিয়া অনুসৰি ৱেষ্টাৰ্ণ কমাণ্ডাৰ গৰাকীৰ নেতৃত্বত নামনি অসমত এটা ডাঙৰ অপহৰণ কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

আৰক্ষীৰ সফল অভিযানৰ অন্তত উক্ত ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টল আৰু এটা হেণ্ড গ্ৰেণেড।

জানিব পৰা মতে, বৰ্তমান সাউদৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

সৰভোগৰ দুৰামাৰিৰ গাঁৱৰ যুৱক দ্বীপেন সাউদে নব্বৈ দশকৰ প্ৰথমভাগতে আলফাত যোগদান কৰিছিল।

দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে দ্বীপেন সাউদক আলফা(স্বা)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ হিচাপে নিযুক্তি দিয়া হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply