মুছলপুৰ : বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী সুৱনখাটা অঞ্চলত এটি দুস্প্ৰাপ্য ট্ৰিকাৰিনেট পাহাৰীয়া কাছ উদ্ধাৰ কৰা হয়৷

জানিব পৰা মতে এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ আমগুৰিস্থিত সীমান্ত পহৰা চকীৰ এটা তহলদাৰী দলে সুৱনখাটা অঞ্চলৰ দক্ষিণকুছি গাঁৱত অভিযান চলাই থাকোতে পাহাৰৰ পৰা পানীৰ ঢলত উটি অহা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰে৷

লগতে পঢ়ক : বৰপেটা জিলাৰ থলুৱা মিঠাতেলৰ উদ্যোগ বিকাশৰ বাবে উপায়ুক্তৰ পদক্ষেপ

পিছত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন মানাস চৌকী ইক’ ট্যুৰিজিম চছাইটিৰ সহযোগত এছ এছ বিৰ জোৱান সকলে কাছটো বন বিভাগৰ বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ত জমা দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply