শিৱসাগৰ : শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ পৰ্যটনস্থলী সমূহত ভিৰ কৰিছে পৰ্যটক সকলে। ইতিমধ্যে দেশ-বিদেশৰ পৰ্যটক সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী চাবলৈ আহি উপস্থিত হৈছে।

কিছুমানে মনোমোহা প্ৰাকৃতিক পৰিৱেশ বিচাৰি ঢাপলি মেলিছে পাহাৰীয়া অঞ্চল সমূহত। কিছুমানে আকৌ ঢাপলি মেলিছে ঐতিহাসিক স্থল সমূহলৈ। অসমৰ শিৱসাগৰ জিলা ঐতিহাসিকভাৱে এখন অন্যতম গুৰুত্বপূৰ্ণ জিলা।

আহোমৰ শাসনকালৰ অলেখ কৃতিচিহ্ন সিঁচৰতি হৈ আছে শিৱসাগৰ জিলাত। প্ৰতিবছৰে শিৱসাগৰ জিলাৰ এই কৃতিচিহ্ন সমূহ চাবলৈ লাখ লাখ পৰ্যটক আহে শিৱসাগৰলৈ। বিগত দুবছৰ ধৰি ক’ভিড মহামাৰীৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰৰ পৰ্যটক স্থল সমূহ।

শেহতীয়াকৈ ক’ভিডৰ প্ৰকোপ হ্ৰাস পাবলৈ ধৰাত পুনৰ পৰ্যটকত বাবে মুকলি কৰি দিয়া হৈছে শিৱসাগৰৰ পৰ্যটক স্থলী সমূহ। যোৱা ২৩ নৱেম্বৰৰ পৰা শিৱসাগৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ব নেকি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত

ক’ভিড মহামাৰীৰ বাবে বন্ধ হৈ থকা ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰকে আদি কৰি ঐতিহাসিক ক্ষেত্ৰ সমূহ মুকলি কৰি দিয়া হয় পৰ্যটকৰ বাবে। এই ঐতিহাসিক স্থল সমূহ পুনৰ মুকলি কৰি দিয়াৰ পিছতে শিৱসাগৰত দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে।

(ৰুবি ফুকন)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply