নিউজ ডেস্কঃ ৰাজ্য়ত তীব্ৰভাৱে বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ।
বৃহস্পতিবাৰে কাজিৰঙাৰ কঁহৰাস্থিত ব্যক্তিগত ফ্ল’ৰিকান পৰ্যটন নিবাসত ধৰা পৰে কেইবাগৰাকীয়ো পৰ্যটকৰ দেহত কভিডৰ উপস্থিতি।
হায়দৰাবাদৰ পৰা অহা ছয়জন পৰ্যটকক নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত কোভিড পৰীক্ষা কৰোৱাত মহিলাসহ তিনিগৰাকীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰে৷
বৰ্তমান প্ৰদীপ কুমাৰ (২৮), বি অনুশা (২৬) আৰু সুজাতা দেৱী (২৩) তিনিগৰাকীয়ে উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷
ইফালে প্ৰশাসনে কোভিড ৰোগৰ বীজাণু ধৰা পৰাৰ পিছতেই পৰ্যটন নিবাসটো বন্ধ কৰি দিয়ে৷
আনহাতে, ডিব্ৰুগড়ত শুকুৰবাৰৰ দিনটোলৈকে মুঠ ৬২ গৰাকী লোক কভিডত আক্ৰান্ত হোৱা বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আৰু পঢ়কঃ একেৰাহে তৃতীয় দিনৰ বাবে লাখৰ ঘৰৰ সীমা অতিক্ৰম কৰোনাত আক্ৰান্তৰ
ইফালে ৰঙিয়া ৰেল জংচনতো পুনৰ কৰোণাৰ আতংক। গুৱাহাটী ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ৰঙিয়া ৰে’ল জংচনত কৰোণাক লৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে অসমত বাহিৰৰ পৰা অহা লোকৰ বাবে কৰণাৰ টেষ্ট অনিবাৰ্য কৰিছে।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা উত্তৰ-পূব উন্নয়ন মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ক’ভিড ব্যৱস্থাপনাৰ বাবে ২৫০কোটি টকা অনুমোদন জনোৱাৰ কথা এক টুইটযোগে প্ৰকাশ কৰিছে।
বৃহস্পতি বাৰৰ লৈকে অসমত এই ৰােগত আক্রান্ত হােৱা লােকৰ সংখ্যাই দুই লাখ ১৯ হাজাৰ অতিক্ৰম কৰিলে।
ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক ৩৫,০০০ৰ পৰা ১ লাখ পৰ্যন্ত নমুনা পৰীক্ষা কৰাৰ লক্ষ্য লৈছে। অসমত ক’ভিড-১৯ৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।