গুৱাহাটী : নিচাসক্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। নিচা ক্ৰয় কৰাৰ বাবে ব্যৱসায়ীক ধন দাবী দুই নিচাসক্ত যুৱকৰ। দাবী কৰা ধন নিদিয়াৰ বাবেই নিচাসক্ত যুৱক দুজনে আক্ৰমণ চলায় ব্যৱসায়ীজনক।

মোজাহিদ আলী নামৰ এজন ব্যৱসায়ী দুজনকৈ নিচাসক্ত যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে। ঘটনা সংঘটিত হৈ মহানগৰীৰ মাজমজিয়া গীতামন্দিৰৰ সমীপত। নিচাসক্ত দুই যুৱকৰ আক্ৰমণৰ বলি হোৱা মোজাহিদ আলীৰ দেহত পৰিছে ৪৪ টাকৈ চিলাই।

গীতামন্দিৰৰ সমীপত মোজাহিদ আলী নামৰ ব্যৱসায়ীজনৰ কাৰ ৱাচিং চেন্টাৰত ধন বিচাৰি অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা নামৰ দুজন যুৱক আহিছিল। মোজাহিদ আলীয়ে ধন নিদিয়াৰ বাবে যুৱক দুজনে ব্লেডেৰে আক্ৰমণ চলায় মোজাহিদ আলীৰ ওপৰৰ।

যুৱক দুজন নিচাসক্ত অৱস্থাত আছিল আৰু নিচাসক্ত যুৱক দুজনৰ ব্লেডৰ আক্ৰমণত মোজাহিদ আলী গুৰুতৰভাৱে আহত হৈছে। ডিঙি, বুকু আৰু পিঠিত আঘাত পোৱা মোজাহিদ আলীৰ দেহত ৪৪ টাকৈ চিলাই পৰিছে।

লগতে পঢ়ক :  ঠেলামৰাত শোকাবহ পথ দুৰ্ঘটনা: নিহত ১জন

মোজাহিদ আলীৰ আক্ৰমণকাৰী অংকুৰ শৰ্মাক ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও অন্য এজন আক্ৰমণকাৰী জিতুমণি শৰ্মা পলাতক অৱস্থাত আছে। দিন দুপৰতে মহানগৰীৰ মাজ মজিয়াত এইদৰে এজন ব্যৱসায়ীক নিচাসক্ত যুৱকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply