তামুলপুৰ : ক’ভিড কালত সহায়ৰ বাবে আগুৱাই আহিল দুখন বিদ্যালয়। দুখন বিদ্যালয়ে চিকিৎসালয়ক প্ৰদান কৰিলে এম্বুলেন্স। ক’ভিড ৰোগীক উপযুক্ত সময়ত চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যে বিদ্যালয় দুখনে চিকিৎসালয়ক প্ৰদান কৰে এম্বুলেন্স।

ক’ভিডৰ এই মহাসংকটৰ সময়ত তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ক তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ তৰফৰ পৰা ক’ভিড আক্ৰান্ত ৰোগীৰ সহায়ক হোৱাকৈ এখন এম্বুলেন্স প্ৰদন কৰা হয়৷ এম্বুলেন্সখন তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° গৌতম মেধিয়ে চমজি লয়৷

এম্বুলেন্স প্ৰদান অনুষ্ঠানত তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ ফাদাৰ ক্ৰমে চেভিয়াৰ আৰু মেবি উপস্থিত থাকে৷ তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক কিশোৰ শৰ্মা, গাননিক বিষয়া শিৱ প্ৰসাদ শৰ্মা আৰু ব্লক ডাটা মেনেজাৰ ললিত চুবেদীসহ কৰ্মচাৰী সকল উপস্থিত থাকে৷ এম্বুলেন্স গ্ৰহণ কৰি ডা° গৌতম মেধীয়ে কয় যে এম্বুলেন্সখনৰ জৰিয়তে ক’ভিডৰ এই সংকট কালত ৰোগী সকল যথেষ্ট উপকৃত হ’ব৷

আৰু পঢ়কঃ পিতৃক বিধানসভাৰ মজিয়াত শপত গ্ৰহণ লোৱাৰ ক্ষণত কি ক’লে পুত্ৰই

ইফালে স্কুল দুখনৰ কতৃপক্ষই সাংবাদিকক জনোৱা মতে ক’ভিড মহামাৰীৰ সংকটৰ এই সময়ত আমি ৰাইজক কিবা এটি সহায়ৰ হাত আগবঢ়াবলৈ ঠিৰাং কৰি আমাৰ তৰফৰ পৰা এখন এম্বুলেন্স ক’ভিড ৰোগীৰ উপকাৰ হোৱাকৈ প্ৰদান কৰিলো৷ নিশ্চয় ইয়াৰ দ্বাৰ ৰোগী সকল কিছু পৰিমাণে সহায় লাভ কৰিবলৈ সক্ষম হ’ব বুলি আাশা কৰিছোঁ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply