নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেলেংগানা প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছে গোচৰ। হায়দৰাবাদৰ জুবিলী হিলছ আৰক্ষী থানাত মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে টিপিচিচিৰ সভাপতি তথা সাংসদ এ ৰেৱন্ত ৰেড্ডীয়ে এই গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, ১১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কৰা মন্তব্যৰ পাছতে এই গোচৰটো ৰুজু কৰা বুলি সাংবাদিকৰ আগত কয় এ ৰেৱন্ত ৰেড্ডীয়ে। উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আৰু ৫০৫ (২) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এই গোচৰ।
ইফালে, সাংসদ ৰেড্ডীয়ে কয় যে- ৰাহুল গান্ধীৰ ভাষা ঠিক তেনেধৰণৰ, যিধৰণৰ ১৯৪৭ৰ পূৰ্বে জিন্নাৰ আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰে গান্ধী পৰিয়াল বা কংগ্ৰেছকেই নহয়, মাতৃত্বকো অপমানিত কৰিছে। ইয়াৰোপৰি, তেলেংগানা প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাৰ বাবে দাবী জনাইছে।