মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে এতিয়া কিলাৰ হাইৱে’। বিশেষকৈ নিশা উজনি অসমৰ লিডু লেখাপানী সংযোগী পথটো ট্ৰাক চালকৰ দৌৰাত্মৰ বাবে সাধাৰন লোক অহাযোৱা কৰাটো অসম্ভব হৈ পৰিছে।
মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। লিডু আৰক্ষী চকীৰ অধীনৰ ইটাখোলাত এ এছ -০১ এল চি-৫৮৭২ নম্বৰ এখন পাঞ্জাৱ বডি ট্ৰাক আৰু এ এছ ২৩ এ চি ৫৩৭৫ নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয় ডাম্পাৰ খনৰ চালক।

নিশা অবৈধ কয়লা সৰবৰাহ কৰিবলৈ ট্ৰাক আৰু ডাম্পাৰখন আহিছিল বুলি সূত্ৰত প্ৰকাশ। ইতিমধ্যে ডাম্পাৰ খনৰ চালকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে । প্ৰতিনিশাই লিডু লেখাপানী পথত চোৰাং কয়লা সৰবৰাহ কৰিবলৈ অহা ডাম্পাৰ, ট্ৰাক আৰু ডি আই গাড়ীৰ দৌৰাত্ম বৃদ্ধি পোৱাত সাধাৰণ ৰাইজৰ পথেৰে অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ উদ্ভৱ হৈছে।

এইক্ষেত্ৰত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকনে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদে। অন্যহাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা গাড়ী দুখন লিডু আৰক্ষীয়ে আৰক্ষী চকীলৈ ইতিমধ্যে লৈ আনে। উল্লেখ যে লিডু, লেখাপানীৰ আৰক্ষী আৰু লেখাপানী বনাঞ্চলিক বিষয়াক একাংশ কয়লা চোৰ, কয়লা মাফিয়াই শকত অংকৰ ধনৰ বিনিময়ত মেনেজ কৰি ৰাষ্ট্ৰীয় সম্পদ কয়লাৰ চোৰাং বেহা চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

নিশা কয়লা সৰবৰাহ কৰা গধুৰ ট্ৰাকৰ শব্দত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাস কৰা লোকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। এইক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে। মাৰ্ঘেৰিটা মহকুমাধিপতিৰ বাংল’ৰ সন্মুখতে থকা ক’ল ইণ্ডিয়াৰ গেষ্ট হাউচৰ গে’টৰ কাষতে কয়লা মাফিয়াই অবৈধ কয়লাৰ এণ্টিগে’ট স্থাপন কৰি একাংশ গেৰুৱা দলৰ নেতা কৰ্মীক কয়লা ট্ৰাকৰ তথাকথিত এণ্টিপাছ পৰীক্ষক নিয়োগ কৰিছে।

লগতে পঢ়ক –  গুৱাহাটীৰ পানবজাৰত ভয়াৱহ অগ্নিকাণ্ড

এই ক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে। লেখাপানী বনাঞ্চলিক বিষয়া অনুজ গগৈৰ কাৰ্য্যালয়ৰ অধীনৰ লাল পাহাৰ, পাহাৰপুৰ অঞ্চলৰ টিপং সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খনন বন্ধ কৰিবলৈ অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সচেতন প্ৰকৃতিপ্ৰেমীয়ে আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে। উল্লেখ যে ইতিপূৰ্বেই কয়লা সৰবৰাহ কৰিবলৈ অহা ট্ৰাক-ডাম্পাৰ খুণ্ডাত কেইবাজনো লোকৰ মৃত্যুৰ লগতে বহুকেইজন লোক চিৰদিনলৈ ঘূনিয়া হ’বলগীয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply