সোণাৰিঃ সোণাৰিত শুকুৰবাৰে নিশা ভয়াবহ দুৰ্ঘটনা। ৰথ যাত্ৰা সামৰি ঘৰলৈ উভতি যাওঁতে সোণাৰিৰ চেনীগুদামত বাগৰিল এখন ট্ৰেক্টৰ। প্ৰায় অৰ্ধ শতাধিক যাত্ৰীক লৈ যোৱা ট্ৰেক্টৰখন বাগৰি পৰাত অধিকাংশ যাত্ৰীয়ে আহত হৈছে।

দুৰ্ঘটনাত পতিত ট্ৰেক্টৰখনৰ নম্বৰ এএছ ০৪ এচি ৯৯৮০। টাওকাক চাহ বাগিছাৰ পৰা সোণাৰি টিয়ক চাহ বাগিছাত জগন্নাথ যাত্ৰা সামৰি পুনৰ টাওকাক চাহ বাগিচালৈ উভতনি পথত সোণাৰি নগৰৰ চেনিগুণ্ডামত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত লোক সকলক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা পাছতে সৃষ্টি হয় অভাৱনীয় পৰিৱেশ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৯ জন লোকক নিশাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসা অব্যাহত আছে ২৫ জনৰো অধিক দুৰ্ঘটনাত আহত লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply