কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ

সোণাৰি: মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ কৃষক গোটৰ মাজত আজি কৃষি বিভাগৰ দ্বাৰা ট্ৰেক্টৰ বিতৰণ কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজে চালকৰ আসনত বহি ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে।

সোণাৰি সমষ্টিৰ অন্তৰ্গত লংপতীয়াত ৰাজসাহায্যযুক্ত এই ট্ৰেক্টৰসমূহ বিতৰণ কৰা হয়। শালি খেতিৰ আৰম্ভণিতে কৃষি বিভাগে এই ট্ৰেক্টৰ বিতৰণ কৰা কাৰ্যই কৃষকসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। লংপতীয়া বজাৰগৃহত অনুষ্ঠিত হোৱা ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয়, “অসমক কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ হ’লে খেতিয়ক ৰাইজক সবাংগীন উত্তৰণত গুৰুত্ব দিয়াটোৰ অত্যন্ত দৰকাৰী ৷ প্ৰতিখন গাঁৱৰ কৃষকসকল শক্তিশালী হলেহে অসম শক্তিশালী হ’ব ৷

সেয়েহে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা” ৰ অধীনত ৰাজ্য কৃষক গোট সমূহক দিয়া হৈছে একোখনকৈ আধুনিক টেক্টৰ ৷এই টেক্টৰ সমূহৰ ব্যৱহাৰৰ ফলত কৃষকসকল স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈছে ৷” উল্লেখ্য যে, চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা টেক্টৰ বিতৰণ কায্যসুচীত চৰাইদেউ জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক কোৰোনা সৃষ্ট পৰিবেশৰ বাবে এইবাৰো বাতিল কৰিলে অম্বুবাচী মেলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply