দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে মলাখোৱা ছেক্টৰৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী সকলকলৈ পোষণ মাহ উপলক্ষে থলুৱা খাদ্য আৰু ফল-মূলৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে প্ৰায় প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সকলৰ লগতে ৰাইজক সজাগ আৰু সচেতন কৰি তোলা পৰিলক্ষিত হৈছে।

পোষণ মাহৰ লগত সংগতি ৰাখি বুধবাৰে মলাখোৱা অংগনবাদী কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে পুষ্টিকৰ খাদ্য, শাক-পাচলি তথা ফল-মূলৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। ২০১৮ চনৰ পৰাই ছেপ্টেম্বৰ মাহটো সমাজ কল্যাণ বিভাগৰ অধীনত সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এইদৰে পোষণ মাহ পালন কৰি আহা হৈছে। মলাখোৱা ছেক্টৰৰ অৰ্ধশতাধিক অগংনাবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলক লৈ এই খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। এই প্ৰদৰ্শনী মেলাৰ জৰিয়তে কণ কণ শিশু সকলৰ লগতে গৰ্ভৱৰ্তী মাতৃৰ এমিনা আৰু পুষ্টিহীন দুৰ কৰাৰ বাবে সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। শিশু তথা গৰ্ভৱৰ্তী মহিলা সকল পুষ্টিৰ বাবে প্ৰটিন তথা আইৰযুক্ত শাক-পাচলি, ফল-মূল আৰু থলুৱা খাদ্য গ্ৰহণ কৰিব লাগে।

শিশু তথা গৰ্ভৱতী মহিলা সকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে অধিক প্ৰটিন লাভ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন গীত তথা বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শনী মেলাত উপস্থিত অংগনাবাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকা তথা গৰ্ভৱৰ্তী মহিলা সকলক সজাগ কৰা হয়। এই প্ৰদৰ্শনী মেলাত অংগনাবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য ঘৰতে প্ৰস্তুত কৰি খাদ্য প্ৰদৰ্শনী মেলাত প্ৰদৰ্শন কৰাৰ উপৰিও প্ৰটিন তথা আইৰনযুক্ত শাক-পাচলি, ফল-মূল আদিও প্ৰদৰ্শন কৰে।২০১৮ চনৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশজুৰি ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰতি বছৰে পোষণ মাহ উদযাপন কৰা হয়।

লগতে পঢ়ক : তেজপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

পুষ্টিহীন কণ কণ শিশু সকলক গুৰুত্ব দিয়াৰ লগতে এমেনি থকা মহিলা সকলৰ বাবে এনে কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলাখনত থকা দুখনকৈ প্ৰকল্পৰ অধীনত মুঠ ১৫ টা ছেক্টৰত বিভিন্ন কাৰ্যসূচীৰে এইদৰে প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে পোষণ মাহ পালন কৰা হয়। বুধবাৰে মলাখোৱাত ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুঠ ২০৫ টা অংগনাবাদী কেন্দ্ৰৰ সহায়িকা-কৰ্মী সকলে উপস্থিত থকাৰ লগতে এই খাদ্য প্ৰদৰ্শনী মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সহকাৰী আয়ুক্তা হিয়া মেধী। তদুপৰি বিশিষ্ট অতিথি হিচাপে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জালাল উদ্দীন আহমেদ, ফেকামাৰী প্ৰকল্পৰ পৰিসংখ্যা সহায়ক, মনিন সৰকাৰ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply