আজি গৰু বিহু। সকলোৱে উলহ-মালহেৰে পালন কৰিছে গৰু বিহু। এই গৰু বিহু সৈতে জড়িত হৈ আছে বিভিন্ন লোক বিশ্বাস। পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনা পুৱাই গৃহস্থই গৰু গোহালিটো লক্ষ্য কৰে।

গোহালিত যদি গৰু কেইটা ঠিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী নহয় আৰু শুই থকা দেখিলে বানপানী হয় বুলি এক বিশ্বাস প্ৰচলিত আছে অসমীয়া সমাজত। গৰু বিহুৰ দিনা পুৱাই নিজৰ ঘৰৰ গৰুৰ খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধিৰে নোৱাই ওচৰৰ নৈ, বিল, পুখুৰী, পথাৰ আদিলৈ গা-ধুৱাবলৈ নিওঁতে দীঘলতি-মাখিয়তী পাতেৰে খেদায় নিলে গৰুৰ স্বাস্থ্য ভালে থাকে লগতে গৰুৰ গাত ঘাঁ নহয় বুলি বিশ্বাস কৰে। গা ধুৱাবলৈ লৈ যাওতেই-

 “লাও খা, বেঙেনা খা,

 বছৰে বছৰে বাঢ়ি যা

 মাৰ সৰু বাপেৰ সৰু

 তই হবি বৰ গৰু” – গীত গায়।

পৰম্পৰা অনুসৰি, চাক আৰু দীঘলতি, মাখিয়তী বেলেগ এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা আৰু পুৰণা পঘা এডাল গৰুৰ ঠেঙৰ তলেদি সৰকাই অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। লোকবিশ্বাস মতে, তেনেকৈ থ’লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ দেখা নিদিয়ে। লগতে আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰুৰ সংখ্যা বৃদ্ধি নহয় বুলি বিশ্বাস আছে।

গৰু বিহুৰ দিনা  গৰুক গা ধুৱাই আনি দুপৰীয়া সময়ত এশ এবিধ শাক খোৱাৰ পৰম্পৰাও আছে লগতে গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদিও এশ এবিধ শাকৰ লগত মিলাই খোৱা হয়। পৰম্পৰা অনুসৰি এশ এবিধ শাক খালে বহু ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি জনা যায়।

আনহাতে, গৰু বিহুৰ আন এক পৰম্পৰা হৈছে নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা। আগৰ দিনত মানুহে বিশ্বাস কৰিছিল যে এনে কৰিলে ধুমুহা,  ঢেৰেকণি, বজ্ৰপাত আদিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান  শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়-

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে॥”

–   এই পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়।

গৰু বিহুৰ দিনা জেতুকা লগোৱাতো এক পৰম্পৰা হিচাপেই ধৰা হয়। জেতুকা নখ, হাত, ভৰি আদিত লগালে চালৰ ৰোগ, বসন্ত আদি ৰোগৰ নহয় বুলি এক লোকবিশ্বাস আছে।

শেষত, আবেলি গৰু গোহালিলৈ উভতাৰ পাচত তুঁহগুড়ি, বিহলঙনি,  জেটুলীপকা, ধানখেৰ আদিৰে পদূলি মূৰত, চোতালত আৰু গোহালিৰ মুখত একোটাকৈ জাগ দিয়া হয়, লগতে মাখিয়তীৰে গৰুৰ গাত লাহে লাহে কোবোৱা হয় যাতে গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰে বুলি এক বিশ্বাস আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply