কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ বুজ লবলৈ পৰিয়ালটোৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা |
যোৱা শুক্ৰবাৰে ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীৰ পৰিয়ালক আশ্বস্ত কৰিবৰ বাবে আজি পৰিয়ালটোক সাক্ষাৎ কৰে ।
নাবালিকা দুগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উন্মোচনৰ বাবে দ্ৰুততাৰে ঘটনাটোৰ তদন্ত কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীক নিৰ্দেশ দিছে।
ঘটনাত কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ পালে চৰকাৰে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব। যদি কিশোৰী দুগৰাকীক আত্মহত্যা কৰিবৰ বাবে কোনোবাই প্ৰৰোচিত কৰিছিল, আৰক্ষীয়ে তাৰ আঁৰৰ কাৰণো বিচাৰি উলিয়াব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
নাৰী সুৰক্ষা সুনিশ্চিতকৰণ অসম চৰকাৰৰ বাবে সদায়েই শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় হৈ থাকিব। দৰিদ্ৰ আৰু আৰ্তজনৰ বিৰুদ্ধেও কোনোধৰণৰ অত্যাচাৰ সহ্য কৰা নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
পৰিয়ালটোক সাক্ষাতৰ সময়ত বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীও উপস্থিত আছিল।
উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ পৰা বিশ কিলোমিটাৰ নিলগত অৱস্থিত অভয়াখুটি গাওঁত এজোপা আমগছৰ একেটা ডালত দুইজনী কিশোৰী ৰবিথা ৰাভা আৰু সমাইনা ৰাভাক চিপ লোৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
কিন্তু দুয়োজনী কিশোৰী একেটা ডালত কেনেকৈ চিপ লৈ আত্মহত্যা কৰি পাৰে সেয়া গ্ৰহণ কৰিব পৰা নাই ভুক্তভোগী কিশোৰীৰ পিতৃ স্বপন ৰাভাৰ লগতে বিভিন্ন দল সংগঠনে।
এই চাঞ্চল্যকৰ ঘটনাৰ ঘটনাৰ বুজ ল’বলৈ আহি প্ৰাক্তন বিধায়ক অশোক সিংঘীয়ে কয় যে অভয়াখুটি গাঁও অঞ্চলত বহু বেদখলকাৰীয়ে দখল কৰি আছে। যি বেদখলকাৰীৰ সৈতে থলুৱা জনগোষ্ঠীৰ লোকে বিভিন্ন সমস্যাৰে সন্মুখীন হয়। সেয়ে বাহিৰৰ পৰা অহা লোকক উচ্ছেদ কৰি বেদখলমুক্ত কৰিব লাগে বুলি তেওঁ দাবী কৰে।
লগতে পঢ়ক সোমবাৰৰে পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী